সফলতাৰে পৰীক্ষণ হ’ল এণ্টি ৰেডিয়েচন মিছাইল ৰুদ্রম-১

0 806

শনিবাৰে ওড়িশাৰ বালাচৰত ছুখ’ই–৩০এম.কে.আই বিমানৰ পৰা ডি.আৰ.ডি.অ’ই সফল পৰীক্ষণ কৰিলে ক্ষেপণাস্ত্র ৰুদ্রম–১ৰ।
বায়ুসেনা বাহিনীক শক্তিশালী কৰিবলৈ নির্মিত এই এণ্টি ৰেডিয়েচন মিছাইল ৰুদ্রম ১ৰ গতিবেগ ২ মেক অর্থাৎ শব্দৰ গতিতকৈ দুগুণ ৷ DRDO ই শনিবাৰে পুৱা প্রায় ১০.৩০ বজাত ৰুদ্রম ১ ৰ সফল পৰীক্ষণ কৰে ছুখ’ই–৩০এমকেআই যুদ্ধবিমানৰ পৰা নিক্ষেপ কৰিব পৰা এই মিছাইলটোৰ দূৰত্ব বিমানখনৰ উৰণৰ ওপৰত নির্ভৰ কৰিব৷ কিমান উচ্চতালৈ গৈ বিমানখনে ৰুদ্রম–১ নিক্ষেপ কৰিব, সেয়া বিমানখনে নির্ধাৰণ কৰিব৷

অৱশ্যে এই মিছাইলটো ৫০০ মিটাৰৰ পৰা ১৫ কিলোমিটাৰলৈ নিক্ষেপ কৰিব পৰা যাব৷ আনকি ২৫০ কিলোমিটাৰলৈকেও এই মিছাইল নিক্ষেপ কৰাৰ ক্ষমতা থাকিব৷ তাৎপর্যপূর্ণ যে আমেৰিকা যুক্তৰাষ্ট্রৰ নৌবাহিনীৰ শূন্যৰ পৰা পৃষ্ঠলৈ নিক্ষেপ কৰিব পৰা শক্তিশালী এজিএম–৮০৮০ই, এডভান্স এণ্টি ৰেডিয়েচন গাইডেড মিছাইলৰ লগত তুলনা কৰিব পাৰি আজি ভাৰতে সফল পৰীক্ষণ কৰা প্রথম এণ্টি ৰেডিয়েচন মিছাইলটোক৷
ইতিমধ্যে দেশৰ প্রথমটো এণ্টি ৰেডিয়েচন মিছাইল ৰুদ্রম–১ৰ সফল পৰীক্ষণৰ পাছতেই প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে টুইটযোগে দেশবাসীক অভিনন্দন জ্ঞাপন কৰিছে৷

media school
Leave A Reply

Your email address will not be published.