য়েমেনৰ কাৰাগাৰত ভয়াবহ আত্ৰমণ,নিহত ৭০জন
য়েমেনৰ কাৰাগাৰত ভয়াবহ আত্ৰমণ,নিহত ৭০জন
য়েমেনৰ বিদ্ৰোহী হাউদীৰ শক্তিশালী স্থিতি থকা য়েমেনৰ দক্ষিণ পশ্চিম স্থিত ছাদাৰ কাৰাগাৰৰ ছাদাৰ ডিটেনচন চেণ্টাৰ এটাত ছৌদিৰ সেনাবাহিনীয়ে বিমানেৰে ভয়াবহ আত্ৰমণ চলায়,যত ৭০ জন লোকৰ প্ৰাণ হানি হয়। কাৰাগাৰত চলোৱা এই আত্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছে ৰাষ্ট সংঘই।
উল্লেখ্য যে পূবৰে পৰা ছৌদি নেতৃত্বাধীন সেনাই হাউদী বিদ্ৰোহীৰ বিৰুদ্ধে অভিযান চলাই আছে , বৰ্তমান লৈকে এই অভিযানত কেইবা সহস্ৰাধিক অসামৰিক লোকৰ মৃত্যু হৈছে ইয়াৰে ভিতৰত ১০ সহস্ৰাধিক শিশুও আছে।
বিমান আত্ৰমণ কৰা পাছতে উদ্ধাৰ কাৰী দলে আত্ৰমণত প্ৰাণ হেৰুওৱা লোকৰ মৃতদেহ উদ্ধাৰ কৰে। মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত হৈছে।আনহাতে ৰাষ্ট সংঘই এই বিষয়ত তীব্ৰ গৰিহণা দিয়া পাছত ছৌদি বাহিনীয়ে অসমাৰিক লোকৰ স্থানত আত্ৰমণ চলোৱা নাই বুলি দাবী কৰে।
News Desk E News Ne