ৰাছিয়াক যুদ্ধ বন্ধ কৰিবলৈ নিৰ্দেশ ৰাষ্ট্ৰসংঘৰ !

0 493

ৰাছিয়াক যুদ্ধ বন্ধ কৰাৰ পুনৰ আহ্বান ৰাষ্ট্ৰসংঘৰ ।ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান Antonio Guterres য়ে ৰাছিয়া- ইউক্ৰেইনৰ শান্তি আলোচনাক আদৰণি জনাইছে ৷ Antonio Guterres য়ে ৰাছিয়াৰ পাৰমানৱিক অস্ত্ৰ প্ৰয়োগৰ ভাবুকিৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু অতি শীঘ্ৰেই যুদ্ধ বন্ধৰ নিৰ্দেশ জাৰি কৰিছে ৷

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১৫ খন ৰাষ্ট্ৰই ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰাৰ বাবে সাধাৰণ পৰিষদৰ সভা আহ্বান কৰাৰ পোষকতা কৰিছিল৷ আৰু তাৰ পাছতেই যুদ্ধ বন্ধ কৰাৰ সন্দৰ্ভত আলোচনা কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ জৰুৰীকালীন সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰা হয় । আলোচনাৰ দ্বাৰা শান্তিৰ সমাধান সূত্ৰ উলিওৱাৰ পদক্ষেপ লোৱা হ’ব বুলি প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে।

Leave A Reply

Your email address will not be published.