জীৱন বচাই পলাই ফুৰিছে ম্যানমাৰৰ বাসিন্দা
ম্যানমাৰী ভগনীয়াৰে ভৰি পৰিছে চুবুৰীয়া ৰাজ্য মিজোৰাম । প্ৰায় ১১ খন জিলাত শিবিৰ পাতিছে ম্যানমাৰৰ নাগৰিকে ।২৪ হাজাৰতকৈও অধিক ম্যানমাৰৰ ভগনীয়াই আশ্ৰয় লৈছে ভাৰতৰ মিজোৰামত৷ম্যানমাৰৰ চীন প্ৰদেশৰ খ্ৰীষ্টান সম্প্ৰদায়ৰ এই লোকসকলক ভৰণপোষণ দিছে মিজোৰাম চৰকাৰে ।মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই উল্লেখ কৰিছে যে কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত সহায় কৰিছে মিজোৰামক ।
২০২১ চনৰ ১ ফেব্ৰুৱাৰীত গণতান্ত্ৰিক চৰকাৰক বৰ্খাস্ত কৰি বলপূৰ্বকভাৱে সেনাবাহিনীয়ে শাসন ক্ষমতা হাতত লৈছিল । জুন্টা সেনাবাহিনী চৰকাৰৰ দমন, উৎপীড়ন, অত্যাচাৰ আৰু এনকাউণ্টাৰৰ ভয়ত ভাৰতলৈ পলাই আহিছে বৃহৎ সংখ্যক ম্যানমাৰৰ লোক৷এই লোকসকলক পুনৰ ম্যানমাৰলৈ ঘূৰাই পঠোৱাৰ বাবে ভাৰত চৰকাৰে ম্যানমাৰ চৰকাৰক সৈমান কৰোৱা প্ৰয়োজনীয় হৈ পৰিছে ।এই সন্দৰ্ভত এতিয়া আন্তৰাষ্ট্ৰীয় সমুদায় আৰু ৰাষ্ট্ৰসংঘই শক্তিশালী পদক্ষেপ লোৱাৰ সময় আহি পৰিছে৷