আজি আন্তৰ্জাতিক কন্যা শিশু দিৱস

0 817

এগৰাকী কন্যা শিশুৱেই ভৱিষ্যতৰ এগৰাকী নাৰী ।
আজি আন্তৰ্জাতিক কন্যা শিশু দিৱস । সমগ্ৰ বিশ্বজুৰি ৰাষ্ট্ৰসংঘৰ সদস্যৰ ৰাষ্ট্ৰসমূহে প্ৰতিবছৰে ১১অক্টোবৰৰ দিনটো আন্তৰ্জাতিক কন্যা শিশু দিৱস হিচাপে উদযাপন কৰে । প্লেন ইন্টাৰনেচনল নামৰ এটা বেচৰকাৰী অনুষ্ঠানৰ পৃষ্ঠ-পোষকতাত এটি প্ৰকল্প ৰূপে জন্ম হৈছিল আন্তৰ্জাতিক কন্যা শিশু দিৱসৰ । এই দিৱস উদযাপন কৰাৰ আঁৰৰ মূল উদ্দেশ্য আছিল লিংগ বৈষম্য দূৰ কৰা ।

২০১২ চনৰ আজিৰ দিনটোতেই প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল আন্তৰ্জাতিক কন্যা শিশু দিৱস । প্লেন ইন্টাৰনেচনলৰ ” Because I am a Girl” নামৰ আন্দোলনৰ ফলত এই দিৱসৰ ধাৰণা জাগ্ৰত হৈছিল ।
ৰাষ্ট্ৰসংঘৰ দ্বাৰা প্ৰতিবছৰে এক বিশেষ বিষয়বস্তু আগত ৰাখি এই দিৱস পালন কৰা হয় ।

“মোৰ কণ্ঠ, আমাৰ সম ভৱিষ্যত” এই বিষয় বস্তুৰে পালন কৰা হ’ব এইবাৰৰ আন্তৰ্জাতিক কন্যা শিশু দিৱস ।

Leave A Reply

Your email address will not be published.