শিক্ষানুষ্ঠানত কি ৰঙৰ অন্তৰ্বাস পিন্ধিব?প্ৰশাসনে দিছে কঠোৰ নিৰ্দেশনা

0 12,053

জাপানত ছোৱালীৰ ক্ষেত্ৰত অদ্ভুত নিৰ্দেশনা৷চুলি পনিটেইল কৰি স্কুললৈ যাব নোৱাৰিব ছাত্ৰীয়ে৷কিছুমান বিদ্যালয়ত ছাত্ৰীক কেৱল বগা আণ্ডাৰৱেৰৰ বাহিৰে বেলেগ ৰঙৰ আণ্ডাৰৱেৰ নিপিন্ধিবলৈ কঠোৰভাৱে নিৰ্দেশ দিয়া হৈছে।

ছোৱালীয়ে একোচাকৈ চুলি বান্ধিলে বা পনিটেল বন্ধা ছোৱালী দেখিলে ল’ৰা উত্তেজিত হয় সেয়েহে ছোৱালীয়ে পনিটেল বনোৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।জাপানৰ এই নিষেধাজ্ঞাই সমগ্ৰ বিশ্ববাসীকে হতবাক কৰি তুলিছে। জাপানত ছাত্ৰীৰ ওপৰত এনে ধৰণৰ অদ্ভুত নিষেধাজ্ঞা আৰোপ কৰাটো নতুন কথা নহয়।

কোনো ছোৱালীয়ে চুলিত ৰং কৰি স্কুললৈ আহিব নোৱাৰিব।সকলোৰে চুলিৰ ৰং ক’লা হ’ব লাগিব। উল্লেখ্য যে জাপানৰ বিদ্যালয়সমূহে জাপি দিয়া এনেধৰণৰ অদ্ভুত নিয়মৰ ক্ষেত্ৰত প্ৰশাসনে শিক্ষাৰ্থীসকলক সঠিক ব্যাখ্যা আজিলৈকে আগবঢ়াব পৰা নাই।

media school
Leave A Reply

Your email address will not be published.