১২ বছৰৰ পৰা ১৪ বছৰ বয়সৰ শিশুক দিয়া হ’ব ভেকচিন৷
দেশত কাইলৈৰ পৰা আৰম্ভ হ’ব শিশুৰ ক’ভিদ প্ৰতিষেধক দিয়াৰ কাম ৷ ১২ বছৰৰ পৰা ১৪ বছৰ বয়সৰ শিশুক দিয়া হ’ব এই ভেকচিন ৷ Biological E Ltd ৰ দ্বাৰা উৎপাদিত Corbevax প্ৰতিষেধক দিয়া হ’ব শিশুক ৷ ইতিমধ্যে ৫ কোটি Corbevax প্ৰতিষেধক কেন্দ্ৰীয় চৰকাৰক যোগান ধৰিছে প্ৰতিষ্ঠানটোৱে ৷ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য সমূহলৈ প্ৰেৰণ কৰিছে এই ক’ভিদ প্ৰতিষেধক ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী মনসুখ মাণ্ডৱ্যই প্ৰকাশ ঘোষণা কৰে এ কথা ৷