২২ মাৰ্চৰ পৰা প্ৰদান কৰা হ’ব বুষ্টাৰ ড’জ

0 7,504

মহানগৰীৰ কৰ্তব্যৰত সাংবাদিক- সংবাদ কৰ্মীৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবে হাতত লৈছে আন এক কল্যাণকামী পদক্ষেপ। অহা ২২ মাৰ্চৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবত প্ৰদান কৰা হব বুষ্টাৰ ডজ। ক’ভিড-১৯ৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ যুজঁ অব্যাহত আছে। কৰোনাৰ সংহাৰৰ সময়ত গুৱাহাটী প্ৰেছ ক্লাৱে সাংবাদিক- সংবাদ কৰ্মীৰ মাজত সফলতাৰে প্ৰদান কৰিছিল ভেকচিনৰ দুটা ড’জ। কৰোনাক সম্পূৰ্ণৰূপে পৰাস্ত কৰাৰ বাবে অতি প্ৰয়োজনীয় বুষ্টাৰ ড’জ প্ৰদান কৰা হ’ব এই শিবিৰত। সেয়ে সকলোকে এই বুষ্টাৰ ড’জ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে গুৱাহাটী প্ৰেছ ক্লাবে৷

media school
Leave A Reply

Your email address will not be published.