এতিয়াৰে পৰা সহজ হ’ব জিপিএফৰ ধন লাভৰ প্ৰক্ৰিয়া

0 2,681

চৰকাৰী কৰ্মচাৰীৰ বাবে আন এক ভাল খবৰ৷ এতিয়াৰে পৰা সহজ হ’ব জিপিএফৰ ধন লাভৰ প্ৰক্ৰিয়া ৷ এতিয়াৰে পৰা সাধাৰণ ভৱিষ্যনিধিৰ অগ্রিম ধনৰ অনুমোদনৰ বাবে অনুমোদন কর্তৃপক্ষ হ’ব কাৰ্যালয়ৰ মুৰব্বী। আনহাতে য’ত নিৰ্দিষ্ট কোনো কাৰ্যালয়ৰ মুৰব্বী নাই, এই অগ্রিম ধন বিভাগীয় মুৰব্বীয়ে অনুমোদন জনাব পাৰিব ৷ অসম চৰকাৰে গ্ৰহণ কৰা এক কেবিনেট সিদ্ধান্তযোগে ভবিষ্যনিধি বিধি ১৯৩৭ ৰ নিয়মৰ সংশোধন কৰি সাধাৰণ ভৱিষ্যনিধিৰ অগ্রিম ধন লাভ কৰাৰ ক্ষেত্ৰত থকা জটিলতা দূৰ কৰিছে। চৰকাৰী কৰ্মচাৰীসকলৰ চিকিৎসা, শিক্ষা, সন্তানৰ বিবাহ, ঘৰ-নিৰ্মাণ আদিৰ বাবে তাৎক্ষণিকভাৱে ধনৰ প্ৰয়োজন হ’লে ভৱিষ্যনিধিৰ অগ্রিম ধন লাভ কৰাৰ ক্ষেত্ৰত এতিয়া আৰু কোনো অসুবিধা নহ’ব ৷

Leave A Reply

Your email address will not be published.