গুৱাহাটী পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ মাত্ৰ ৭ টাতেই সন্তুষ্ট শাসকীয় মিত্ৰ দল অসম গণ পৰিষদ

0 5,608

চালে বেৰে কোবাই হ’লেও বা প্ৰয়োজনতকৈ উচ্চ স্বৰে সাধাৰণ ঘোষণা এটাকো প্ৰচাৰ কিম্বা কোনো মুহূৰ্তত অতি বেছি নিৰ্বিকাৰ আৰু গহীন হৈ দেখুৱাই হ’লেও কোনো মতে দলৰ অস্তিত্বহীনতাক ঢাকি ৰাখিবলৈ যৎপৰোনাস্থি চেষ্টা কৰিছে ৰাজ্যৰ এসময়ৰ সৰ্ববৃহৎ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদে । ৰাইজৰ স্বাৰ্থক পিঠি দি ব্যক্তিস্বাৰ্থক গুৰুত্ব দি অসমবাসী ৰাইজৰ তেজেৰে গঠন কৰা দলটো আজি অসমবাসী ৰাইজে মাজতেই ক্ৰমশঃ এলাগী । মাথো ব্যক্তিস্বাৰ্থক প্ৰাধান্য দি সম্প্ৰতি দিছপুৰৰ ক্ষমতাৰ ভাগীদাৰ হ’বলৈ দলীয় সংগঠন বৃদ্ধিক গুৰুত্ব নিদি বিজেপিৰ লগত মিত্ৰতাত চামিল হৈ গুৰুৱা বাহিনীৰ আঙুলি ঠাৰত নাচি থকা দলটোৰ সংগঠন আজি ইমানেই দূৰ্বল যে নিজাকৈ সিদ্ধান্ত গ্ৰহণ কৰাৰো শক্তি হেৰুৱাই পেলাইছে । কিন্তু যি নেতৃত্বৰ ব্যক্তিস্বাৰ্থই সৰ্বচ্চ তেনে দলৰ নেতৃত্বই কি গুৰুত্ব দিব তৃণমূলৰ ক্ষোভ কিম্বা দলীয় পৰিচয়হীনতাৰ দুখক । স্বাভাবিক ভাৱেই গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনতো অগপ দলৰ নিজা নিৰ্বাচনী সিদ্ধান্ত বুলি একো নাথাকিল । বিজেপি দলে মিত্ৰতাৰ সূত্ৰে পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ মাত্ৰ ৭ টা ৱাৰ্ড এৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে । সংগঠন বুলি কোনো স্থিতি নথকা দৰে হৈ পৰা অগপ দলেও ৭ টা সমষ্টিকে পৰম প্ৰাপ্তি বুলি লৈ দলৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত কাৰ্যনিৰ্বাহক পাতি গাৰ জোৰেৰে সেই ৭ টা ৱাৰ্ডতে দলে নিজা প্ৰাৰ্থী দিব বুলি সদম্ভে ঘোষণা কৰি নিজৰ অস্তিত্বহীনতাক কৌশলেৰে ঢাকি ৰাখিবলৈ চেষ্টা কৰে ।

আনকি অগপ নেতৃত্বই নিজৰ আসনৰ কথা এৰি বিজেপিৰ লগত ৬০ টা ৱাৰ্ডতে মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হৈ কংগ্ৰেছ শূণ্য পৌৰ নিগম গঠন কৰিব বুলিহে ঘোষণা কৰাত গুৰুত্ব দিয়ে । প্ৰণিধান যোগ্য যে,  দেওবাৰে অসম গণ পৰিষদ দলৰ গুৱাহাটী আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত এখনি গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত সভাৰ উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।  সভাত বিগত পৌৰ সভা নিৰ্বাচনৰ ওপৰত পৰ্যালোচনা কৰাৰ লগতে আগন্তুক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ সন্দৰ্ভতো আলোচনা কৰি ৰণকৌশল প্ৰস্তুত কৰে। সভাত সাংগঠনিক তৎপৰতা বৃদ্ধি কৰাৰ লগতে দলটোক অধিক গণমুখি কৰাৰ উদ্দেশ্যে বাৰ্ষিক সাংগঠনিক কৰ্মসূচী এখন সভাই গ্ৰহণ কৰে। এই কৰ্মসূচীৰ জৰিয়তে দলৰ প্ৰত্যেকটো স্তৰ আৰু ভাতৃ-ভগ্নী সংগঠনৰ বাবে প্ৰতি মাহত কাৰ্য্যসূচী নিৰ্ধাৰণ কৰা হৈছে। সভাই দেউৰী আৰু কাৰ্বিআংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ওপৰত আলোচনা কৰি দুখনকৈ নিৰ্বাচনী সমিতি গঠন কৰে। দলে সমবায় সমিতিৰ নিৰ্বাচন সম্পৰ্কটো আলোচনা কৰে। সভাই লগতে নতুন সদস্য ভৰ্তিকৰণৰ বাবে এক অভিযান ব’হাগ মাহৰ পৰা আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত প্ৰমুখ্যে দলৰ সকলো বিধায়ক, উপ-সভাপতি, সাধাৰণ সম্পাদক আৰু অন্যান্য বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থকা এই বৈঠকতে দলৰ জেষ্ঠ নেতা তথা সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সংবাদ মাধ্যমৰ আগত পৌৰ নিগমৰ নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰি দলে ৭ টা ৱাৰ্ডত প্ৰাৰ্থী দিবলৈ সিদ্ধান্ত কৰা বুলি ঘোষণা কৰে । সেই অনুসৰি অগপ দলে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত পশ্চিম গুৱাহাটী সমষ্টিৰ ৫ টা ৱাৰ্ড ক্ৰমে ১ নং, ১১ নং, ১২ নং, ১৩ নং আৰু  ২৪ নং ৱাৰ্ড, পূৱ গুৱাহাটী সমষ্টিৰ ৩৩ নং ৱাৰ্ড আৰু দিছপুৰ সমষ্টিৰ ৫৯ নং ৱাৰ্ডত দলীয় প্ৰাৰ্থী দিব৷

Leave A Reply

Your email address will not be published.