মীৰাবাই চানুলৈ বিবিচিৰ  মহিলা ভাৰতীয় ক্ৰীড়াবিদ বঁটা

0 2,391

মণিপুৰৰ ভাৰোত্তলনকাৰী  মীৰাবাই চানু বিবিচিৰ  ২০২১ চনৰ মহিলা ভাৰতীয় ক্ৰীড়াবিদ বঁটাৰ বাবে নির্বাচিত হৈছে, এই বঁটা দিয়া হৈছে অনলাইন মুকলি ভোটৰ আধাৰত ৷ অলিম্পিকৰ ৰূপৰ বঁটা বিজয়ী মীৰাবাইয়ে এই বঁটাৰ বাবে অসমৰ বক্সাৰ লাভলিনা বৰগোঁহাই, গল্ফ খেলুৱৈ অদিতি অশোক, পেৰা-ছুটাৰ অৱনী লেখাৰা আৰু বেডমিণ্টন খেলুৱৈ পিভি সিন্ধুক পৰাভূত কৰে ৷ টকিয় অলিম্পিকৰ ৪৯ কেজি শাখাৰ ভাৰোত্তলনত ৰূপৰ পদক অর্জন কৰি এই ক্ৰীড়াত অলিম্পিকৰ ৰূপৰ বঁটা অর্জন কৰা প্ৰথম ভাৰতীয় মহিলাৰূপে পৰিগনিত হৈছিল ৷ সদ্যহতে আমেৰিকাত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা চানুৱে এই বছৰৰ এচিয়ান গেমচ আৰু কমনৱেল্থ গেমচৰ বাবে প্ৰস্তুতি চলাইছে আৰু সোণৰ পদক অর্জনৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব বুলি সাংবাদিকক কয় ৷

২৭ বছৰ বয়সীয়া চানুৱে সৰুতে পাহাৰৰ পৰা নিজৰ ঘৰলৈ খৰিৰ বোজা কঢ়িয়াওঁতে ভাৰোত্তলনৰ কিটিপ শিকিছিল, ভায়েকে তিনিবাৰকৈ কঢ়িয়াই অনা খৰি চানুৱে এবাৰতে কঢ়িয়াব পাৰিছিল বুলি বিবিচিৰ বাতৰিত কোৱা হৈছে ৷

নতুন দিল্লীত আয়োজিত এই বঁটা প্ৰদান অনুষ্ঠানত বিবিচিৰ সঞ্চালক প্ৰধান টিম ডাভিয়ে চানুক অভিনন্দন জনাই কয় যে এই বঁটাৰ বাবে তেওঁ উপযোগী প্ৰার্থী ৷ এই অনুষ্ঠানতে অলপতে নিউ জিলেণ্ডৰ বিশ্ব কাপ মহিলা ক্ৰিকেট প্ৰতিযোগিতাত ভাগ লৈ অহা ১৮ বছৰীয়া শাফালি বার্মাক উদীয়মান খেলুৱৈৰ বঁটা আৰু কাৰনাম মালেশ্বৰীক জীৱনজোৰা কৃতিত্বৰ বঁটাৰে বিভূষিত কৰা হয় ৷ ভাৰোত্তলনত প্ৰথম ভাৰতীয় অলিম্পিক বঁটা বিজয়ী মালেশ্বৰীয়ে ২০০০ চনৰ চিডনী অলিম্পিকত  ব্ৰঞ্জৰ পদক অর্জন কৰিছিল ৷ 

Leave A Reply

Your email address will not be published.