শ্ৰীলংকাত ভয়ানক অৰ্থনৈতিক দুৰৱস্থা

0 1,596

শ্ৰীলংকাত ভয়ানক অৰ্থনৈতিক দুৰৱস্থা৷ উৎপাদন হ্ৰাস আৰু মুদ্ৰাস্ফীতিৰ দৈত্যৰ কৱলত ককবকাইছে দ্বীপৰাষ্ট্ৰখনৰ জনতাই ৷

ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ দাম ৪,২০০ টকা, খোৱা পানী এবটলৰ দাম ১০০ টকা৷ অবিশ্বাস্য যেন লাগিলেও আজিৰ তাৰিখত এখন দেশৰ জনতাৰ বাবে এয়া হৈছে ৰূঢ় বাস্তৱ৷ এফালে জুই চাই দাম , আনফালে দাইল, চাউল,চেনি, গাখীৰকে ধৰি খাদ্য সামগ্ৰী ,ৰচদ পাতিৰ তীব্ৰ নাটনি ৷ খাদ্য সামগ্ৰী, ইন্ধনৰ বাবে দীঘলীয়া শাৰী পাতিবলগীয়া হৈছে দেশখনৰ জনতাই ৷ ইন্ধনৰ বাবে শাৰী পাতি প্ৰাণ হেৰুৱাইছে নাগৰিকে ৷ কাগজৰ অভাৱত পৰীক্ষা বাতিল হৈছে , নিউজ প্ৰিণ্টৰ অভাৱত ছপাব পৰা নাই বাতৰি কাকত ৷

দেশখনৰ প্ৰতি চাৰিজন শিক্ষিত যুৱক- যুৱতীৰ এজনে দেশ এৰি বিদেশলৈ যাবলৈ পাছপৰ্ট অফিচত ভিৰ কৰিছে ৷ সংস্থাপন হেৰুৱাই, ভোকৰ জ্বালাত চুবুৰীয়া দেশলৈ প্ৰব্ৰজন কৰিছে নাগৰিকে ৷ বিত্তীয় সংকটৰ গৰাহত পৰা শ্ৰীলংকা চৰকাৰে পৰিস্থিতিৰ জোৰা টাপলি মাৰিবলৈ জমা থকা ৫০ শতাংশ সোণ ইতিমধ্যে বিক্ৰী কৰিছে ৷ মুদ্ৰাস্ফীতিয়ে সৰ্বকালৰ অভিলেখ ভংগ কৰিছে ৷ শ্ৰীলংকান টকাৰ মূল্য অৱনমিত হৈ ১ মাৰ্কিন ডলাৰত প্ৰায় ২৮৫ টকা হৈছেগৈ ৷

কিন্তু শ্ৰীলংকাৰ আজিৰ এনে অৱস্থা কিয় আৰু কেনেকৈ হ’বলৈ পালে ? কৰ’না মহামাৰী আৰু ২০১৯ চনত হোৱা কলম্বোৰ ধাৰাবাহিক বিস্ফোৰণৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হয় দেশখনৰ পৰ্যটন উদ্যোগ ৷ বিদেশী ৰাষ্ট্ৰ ঘাইকৈ চীনৰ পৰা লোৱা ধাৰত পোত গৈ দেশখনৰ অৰ্থনীতি ভাগি পৰিছে ৷ কিন্তু বহু বিশেষজ্ঞৰ মতে এই কাৰক সমূহতকৈ শ্ৰীলংকা চৰকাৰৰ ভুল নীতি , অদূৰদৰ্শী সিদ্ধান্ত আৰু পৰিকল্পনাৰ আসোঁৱাহহে ইয়াৰ বাবে প্ৰধানকৈ জগৰীয়া ৷ ২০১৯ চনত বিপুল ভোটত জয়ী হৈ ৰাষ্ট্ৰপতিৰ আসনত বহিয়েই আগ পাছ নুগুণি গোটাবায়া ৰাজপক্ষেই কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ কোনো আগতীয়া প্ৰস্তুতি নোহোৱাকৈ ৰসায়নিক সাৰ , কীটনাশক নিষিদ্ধ কৰাৰ ফলত কৃষি উৎপাদন অভাৱনীয় হাৰত হ্ৰাস পায় ৷ হুৰমূৰকৈ লোৱা এই সিদ্ধান্তত বেয়াকৈ ক্ষতিগ্ৰস্ত হয় চাহ উদ্যোগ ৷ চৰকাৰী ব্যয়বহুলতা আৰু কৰ ৰেহাইৰ ফলতো হ্ৰাস পায় দেশৰ ৰাজহ৷ অথচ গোটাবায়া ৰাজপক্ষৰ সমৰ্থকে দেশখনৰ জৰ্জৰ অৱস্থাৰ বাবে ৰাষ্ট্ৰপতি তথা চৰকাৰৰ নীতিক জগৰীয়া বুলি কোনোপধ্যে মানি ল’ব নোখোজে ৷ গৃহযুদ্ধৰ অৱসান ঘটাই দেশখনলৈ শান্তি ঘূৰাই অনাৰ বাবে সমৰ্থকসকলে গোটাবায়াক ‘টাৰ্মিনেটৰ’হে আখ্যা দি থৈছে ৷ ৰাষ্ট্ৰপতি গোটাবায়াইও এই সংকটৰ বাবে পূৰ্বৰ চৰকাৰকহে জগৰীয়া কৰিছে ৷

লক্ষণীয় কথাটো হ’ল খাদ্য আৰু জীৱিকাৰ সংকটত যিখন দেশৰ জনতাই আজি ককবকাবলগীয়া হৈছে , সেই খন দেশ চলাই আছে চাৰিজনকৈ ককাই-ভায়ে ৷ ৰাষ্ট্ৰপতিৰ পদত আছে গোটাবায়া ৰাজপক্ষে, প্ৰধানমন্ত্ৰীৰ দায়িত্বত ককায়েক তথা পূৰ্বৰ ৰাষ্ট্ৰপতি মহিন্দা ৰাজপক্ষে , আন এজন ককায়েক চামল ৰাজপক্ষেৰ হাতত আছে জলসিঞ্চন বিভাগ আৰু সৰু ভায়েক বাছিল ৰাজপক্ষে বিত্তমন্ত্ৰী ৷ মহিন্দা আৰু চমল ৰাজপক্ষেৰ দুই পুত্ৰও মন্ত্ৰী ৷ মুঠৰ ওপৰত ৰাজপক্ষে পৰিয়ালে ৯ টাকৈ মন্ত্ৰীপদ দখল কৰি আছে ৷ ইয়াৰে ৭ টা কেবিনেট মন্ত্ৰীৰ পদ ৷ কেৱল মন্ত্ৰী পদেই নহয় ,শীৰ্ষ আমোলাৰ পদো দখল কৰি আছে ৰাজপক্ষে পৰিয়ালৰ সদস্যই ৷ শ্ৰীলংকাৰ ৰাজনীতিত আঠ দশক ধৰি আধিপত্য বিস্তাৰ কৰি আহিছে এই পৰিয়ালটোৱে ৷ শেহতীয়াকৈ সংবিধান সংশোধনৰ জড়িয়তে ৰাষ্ট্ৰপতি গোটাবায়া অবাধ ক্ষমতাৰ অধিকাৰী হৈ লৈছে ৷ অথচ পৰিস্থিতি চম্ভালি দুৰ্দিনৰ পৰা দেশবাসীক উদ্ধাৰ কৰাৰ উপায় তেঁওৰ হাতত নাই ৷ পৰিস্থিতি অপৰিৱৰ্তিত হৈ থাকিলে অৰ্থনৈতিক জৰুৰী অৱস্থাৰ মাজত থকা দ্বীপ ৰাষ্ট্ৰখন অচিৰেই দেউলীয়া হ’ব বুলি আশংকা আহি পৰিছে৷

Leave A Reply

Your email address will not be published.