প্ৰকৃতিৰ ৰোষত অসম : বৰষুণ, ভূমিস্খলন, বানপানীৰ কৱলত ককবকাই আছে জনসাধাৰণ
অসম ৰুষ্ট প্ৰকৃতিৰ তাণ্ডৱ-বৰষুণ-বান-খহনীয়াত চৰম সংকটত ৰাজ্য , প্ৰলয়ংকৰী বানত বুৰ গৈছে ইখনৰ পিছত সিখন জিলা , চৌদিশ বন্যাৰ্তৰ হাহাকাৰৰ পিছতো খবৰ লবলৈ আহৰি নাই দিল্লীৰ ৷
এতিয়া ৰাজ্যজুৰি মাথো বানৰ কবলত পৰা অসহায় বন্যাৰ্তৰ হাহাকাৰ আৰু অসহায় বিননি । বানৰ কবলত পৰা অকল মানুহ বুলিয়েই নহয়, ঘৰচীয়া পশুধনৰ পৰা আৰম্ভ কৰি সমস্ত প্ৰাণীকুলৰ বিলাই বিপত্তি নোহোৱা হৈছে । আপোন ঘৰ মাটি হেৰুৱাই কি নকৰ যন্ত্ৰণাৰ মাজত দিন কটাবলগা হৈছে ভুক্তভোগীয়েহে মাথো বুজিছে । ৰাজ্যখনৰ সমতলভূমিত যি ভয়ংকৰ পৰিবেশ পৰিস্থিতি হৈছে তাৰ তুলনাত বৰষুণ আৰু বানে অবৰ্ণনীয় ৰূপ লৈছে পাহাৰীয়া জিলা ডিমা হাচাওত । বহি:বিশ্বৰে সম্পূৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে । ৰে’ল পথ, ৰাজপথ কিম্বা মোবাইল ফোনৰ যোগাযোগ সকলো বন্ধ হৈ পৰিছে পাহাৰীয়া জিলা ডিমা হাচাওত । আনকি ধাৰাবাহিক ভাৱে জিলাখনত ধাৰাসাৰ বৰষুণ দি থকাত পৰিস্থিতি আৰু অধিক জটিল হৈ পৰিছে । মুঠতে অসমত বছৰৰ প্ৰথমটি বানেই সৃষ্টি কৰিছে বৰ্ণনাতীত বিভীষিকাময় পৰিবেশৰ ।প্ৰণিধান যোগ্য যে, ৰাজ্যৰ প্ৰতিখন জিলাৰ লগতে চুবুৰীয়া ৰাজ্যত হোৱা প্ৰচুৰ বৰষুণৰ পানীয়ে সৰু বৰ প্ৰতিটো জলবিদ্যুত প্ৰকল্প পানীৰে উপচি পৰে । ফলত জলবিদ্যুত প্ৰকল্প কতৃপক্ষই এৰি দিব লগা অতিৰিক্ত পানী ।
এই প্ৰকল্পসমুহৰ এৰি দিয়া অতিৰিক্ত পানীয়েও এতিয়া ভূতৰ ওপৰত দানহ পৰাদি নামনিৰ অঞ্চলসমুহলৈ ভয়াবহ বিপদ কঢ়িয়াই আনিছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি সোমবাৰে ৰাজ্যৰ বজালী, বাক্সা, বিশ্বনাথ, কাছাৰ, চৰাইদেউ, দৰং, ধেমাজি, ডিব্ৰুগড়, ডিমা হাচাও, হোজাই, কামৰূপ গ্ৰাম্য, পশ্চিম কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, নগাঁও, নলবাৰী, শোণিতপুৰ, তামুলপুৰ আৰু কামৰূপ মহানগৰ জিলাৰ লগতে ওদালগুৰি জিলাসহ মুঠ ২০ খন জিলাত বৰষুণ আৰু বাঢ়নি পানীয়ে ভয়াবহ পৰিস্থিতি সৃষ্টি কৰা বুলি সদৰি কৰিছে । কাৰ্যতঃ ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতেই স্থান বিশেষে অতি অভাবনীয় পৰিস্থিতি সৃষ্টি কৰিছে । ভূটানৰ পৰা বৈ অহা বাঢ়নি পানীয়ে বাক্সা জিলাৰ সীমান্ত অঞ্চলসমুহৰ লগতে গৰেশ্বৰ, চিৰাং জিলাৰ বিভিন্ন অঞ্চলৰ উপৰি বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো বানে সৃষ্টি কৰিছে ভয়ংকৰ পৰিস্থিতিৰ । দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি, সম্প্ৰতি ২৬ খন জিলাৰ ৬৭ ৰাজহ চক্ৰৰ ১০৮৯ খন গাঁও বানৰ তলত বুৰ গৈছে । ইয়াৰ ১,৮৩,১৫২ জন পুৰুষ, ১,৩৯,৫৪১ জন মহিলা আৰু ৮০,৬৫৯ টা শিশুসহ মুঠ ৪,০৩,৩৫২ জন লোক এই বানত কম বেছি পৰিমাণে আক্ৰান্ত হৈছে । ইফালে ইয়াৰে ৩২৯৪৪.৫২ হেক্টৰ কৃষিভূমি বান বুৰ গৈ ইয়াৰ সকলো খেতি নষ্ট হোৱা কৃষক ৰাইজে বুকু চপৰিয়াই হাহাকাৰ কৰিব লগা অৱস্থা হৈছে । আনহাতে এই বানত বৰ্তমানলৈ কেঁচা-পকাসহ ৩৮০২ টা ঘৰ সমূলি নষ্ট হৈ পৰিছে । একেদৰে বৰ্তমানলৈ ৭৪ টা গ্ৰাম্য পথ আৰু ২০ খন দলং বানৰ পানীয়ে উটুৱাই নিয়াত সেই অঞ্চলত যি অভাৱনীয় পৰিস্থিতি হৈছে সেয়া বৰ্ণতাতীত । প্ৰতিটো অঞ্চলতেই এতিয়া বন্যাৰ্তই নিৰাপদ আশ্ৰয় স্থল বিচাৰি হাহাকাৰ কৰিব লগা হৈছে । ইয়াৰ মাজতে স্থানীয় প্ৰশাসনে বিভিন্ন স্থানত এতিয়ালৈ ৮৯ টা আশ্ৰয় শিবিৰ আৰু ৯০ টা সাহায্য শিবিৰ স্থাপন কৰি বানত ঘৰবাৰী হেৰুওৱা লোকক ৰখাৰ ব্যৱস্থা কৰা হৈছে । কিন্তু ইয়াৰ পিছতো বৰ্তমানলৈ অসমৰ এই ভয়াবহ বান পৰিস্থিতিৰ খবৰ লবলৈ আহৰি পোৱা নাই দিল্লীৰ ৰজাঘৰৰ । অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নক বিশেষ গুৰুত্ব দিয়া বুলি সততে ঘোষণা কৰি থকা দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কিম্বা আন আন কেন্দ্ৰীয় নেতৃত্ব কাৰোৰে অসমৰ এই মহা সংকটৰ সময়তো মাত এষাৰ দিবলৈ আহৰি নোপোৱাত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।প্রকৃতিক কোনেও বাধা দিব নোৱাৰে। কিন্তু প্ৰকৃতিৰ সৈতে সহবাস কৰিব পাৰে। ৰাজ্যত বানপানী প্ৰতিবছৰে অহা এক ডাঙৰ সমস্যা। সেয়েহে বানৰ প্ৰতিৰোধ আৰু ইয়াক নিয়ন্ত্ৰণৰ বাবে দীৰ্ঘম্যাদী আৰু পৰিকল্পিত আঁচনিৰ প্ৰয়োজন। বানপানীৰ সমস্যা স্থায়ী সমাধানৰ বাবে দীর্ঘদিন ধৰি মাত মাতি অহাৰ পাছতো ইয়াৰ কোনো সমাধান নাই। ৰাজ্যৰ প্ৰথমটো বান আৰু ভূমিস্খলনত এতিয়ালৈকে চৰকাৰী সূত্ৰৰ খবৰ অনুসৰি ১২গৰাকীয়ে প্ৰাণ হেৰুৱাইছে। বহু ঠাইত দলং আৰু মথাউৰি উটুৱাই নিছে। বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ লৈছে মঙলদৈতো। বানত উটি গৈছে শাকতোলা নদীৰ বাঁওফালে থকা মথাউৰিৰ অংশ। এই খবৰ পোৱাৰ পাছতে জল সম্পদ বিভাগৰ দায়িত্বত থকা মন্ত্রী পীয়ুষ হাজৰিকা গৈ অঞ্চলটোৰ পৰিস্থিতিৰ বুজ লৈছে। একেদৰে গহপুৰ, কামপুৰ, হোজাই, হাফলং আদিত বান পৰিস্থিতি দ্রুত গতিত অৱনতি ঘটিছে।গহপুৰকে ধৰি বানত আক্রান্ত জিলা সমূহত প্রায় ৭০০শতাধিক গাঁও বানপানীৰ তলত। আটাইতকৈ বানত বেছি ক্ষতিগ্ৰস্ত হৈছে ডিমাহাচাও। ধাৰাসাৰ বৰষুণৰ ফলত অকল্পনীয় পৰিৱেশৰ সৃষ্টি হৈছে ডিমা হাচাও জিলা হাফলঙত। প্ৰৱল বৃষ্টিপাতৰ পাছত পাহাৰৰ পৰা বৈ অহা পানীৰ ঢলে দিয়ুং নদীৰ উফন্দাই পেলাইছে। প্রকৃতিৰ ৰম্যভূমি ডিমাহাচাওত এতিয়া চৌদিশে ধ্বংসস্তূপ। বোকা-পানীয়ে পুঁতি পেলালে নিউ হাফলং ৰে’ল ষ্টেচন। এই পাহাৰীয়া ৰেল পথত ৫৩ স্থানত ভূমিস্খলন হোৱাৰ খবৰ আহিছে৷ ঠায়ে ঠায়ে ৰে’লপথ ওলমি গৈছে। বোকাপানীৰ ঢলে উটুৱাই নিছে ৰে’ল। ৰে’লপথ সম্প্ৰসাৰণৰ নামত বৰাইল পাহাৰত চলিছিল প্ৰকৃতিৰ ধ্বংসযজ্ঞ । অপৰিকল্পিতভাৱে পাহাৰ খনন কৰাৰ পৰিণতি এয়া। এই স্থানত বন ধ্বংস যজ্ঞও চলিছিল। বান আৰু খহনীয়াই ধাৰণ কৰা ৰূপে মূৰ্হুতৰ ভিতৰতে এই স্থানত বোকাৰ এক উপত্যাকালৈ পৰিণত কৰিলে। ৰে’লপথৰ ওপৰত বাগৰি পৰিল মাটি, বোকা আৰু শিলৰ মিশ্ৰণ। হাফলং চহৰৰ সৈতে ৰাজ্যৰ অন্য প্ৰান্তৰ যোগাযোগ বিচিন্ন হৈ পৰিছে। পানীৰ ঢল ইমান দ্রুত গতিত বৈছিল যে, গুৱাহাটী-শিলচৰ বিশেষ ৰেলখনৰ দবাসমূহো উটুৱাই নিলে। বোকাৰ মাজত আৱদ্ধ হৈ পৰিছিল মালবাহী এখন ৰে’ল। বায়ুসেনাৰ হেলিকপ্টাৰ, উদ্ধাৰকাৰী বাহিনীয়ে দুই সহস্ৰাধিক ৰেলযাত্ৰীক উদ্ধাৰ কৰে। ২৯খন ৰে’লৰ চলাচল বন্ধ কৰা হৈছে । ইমান এক তাণ্ডৱৰ পাছতো দিল্লীৰ কিয় এতিয়ালৈকে চকু পৰা নাই। বানপানীত কেৱল হাফলঙতে নহয় লখিমপুৰতো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এদিনতে ছবাৰকৈ ৰঙানদীৰ প্ৰকল্পৰ গেট খুলি দিয়াত মানুহৰ মাজত আতংকৰ সৃষ্টি হৈছে ।বাঢ়নী পানীয়ে উটুৱাই নিছে বাহ-কাঠৰ তিনিখন দলং। ২০ মে’ৰ লৈকে ৰাজ্যত প্ৰৱল বৰষুণৰ আগজাননী দিয়া হৈছে । পৰিস্থিতি যে ইয়াতকৈ ভয়ানক হ’ব সেই অনুমান কৰিব পাৰি। বানৰ তেনে পৰিৱেশ পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰথমটো বানৰ কৱলত এতিয়ালৈকে অসমৰ ২০খন জিলা পৰিছে। ঘৰ-দুৱাৰ উপৰিও খেতি-পথাৰতো পানীয়ে উপচি পৰিছে। বানপানীয়ে অসমৰ গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ প্ৰতিবছৰে ভাঙি পেলায়। আকৌ থন ধৰি উঠিবলৈ বহু সময়ৰ প্ৰয়োজন হয়। অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰিবলৈ দাবী জনাই আহিলেও কেন্দ্ৰই সেই দাবীৰ প্রতি কোনো দিনে কাণসাৰ নিদিলে। পানী আহিলে ৰিলিফৰ নামত কেইটামান চাউল, কেইটামান দাউল, অলপ কেৰাচিন আৰু কিছু কাপোৰ দিয়েই চৰকাৰে দায়িত্ব সামৰে। ভগা মথাউৰিবোৰৰ মেৰামতি সময়ত নহয়। কেৱল ঠিকাদাৰেই দায়ীনে ইয়াৰ বাবে। বিয়াগোম জলসম্পদ বিভাগে কি কৰি থাকে! সময়মতে মথাউৰিবোৰৰ নির্মাণ আৰু মেৰামতিৰ কাম কিয় সম্পূৰ্ণ নহয়। কি কৰে বিভাগীয় মন্ত্ৰীয়ে। ৰাজ্যত এনে পৰম্পৰাৰে বানপানী প্ৰতিবছৰে আহে আৰু যায়। বানপানীত লাখ লাখ লোকে ঘৰ দুৱাৰ হেৰুৱায়। তাৰ পাছতো চৰকাৰে বানপানীৰ ক্ষেত্ৰত কিয় গুৰুত্ব সহকাৰে নাভাৱে। পানী অহালৈ যেন বাট চায় আৰু বানাক্ৰান্ত লোকৰ কাষলৈ গৈ এয়া প্ৰকৃতিৰ লীলা বুলি ঘৰিয়ালৰ চকুপানী টোকে। সচাঁ অৰ্থত বানপানী সমস্যা ৰোধৰ বাবে ব্যৱস্থা লবনে বুলি এতিয়া সৰ্বত্ৰ বন্যাৰ্তই প্ৰশ্ন উত্থাপন কৰিছে । আনকি বহুতেই এতিয়া দিল্লী দিছপুৰীয়া চৰকাৰৰ কোনো অস্তিত্ব নাই বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰি সৰব হৈ পৰিছে । ইয়াৰ পিছত দিল্লী আৰু দিছপুৰৰ ৰজাঘৰে প্ৰকৃত অৰ্থত বানপানীৰ সমস্যা সমাধানৰ বাবে উদ্যোগ গ্ৰহণ কৰিব নে বানপানীৰ সমস্যাক কেৱল মাত্ৰ নিৰ্বাচনী ইছ্যু হিচাপে জীয়াই ৰাখিব ?