গোৰ্খা উন্নয়ন পৰিষদলৈ ২৫ কোটি টকাৰ সাহায্য

0 5,348

গোর্খা উন্নয়ন পৰিষদক অধিক শক্তিশালী কৰি গোৰ্খা সম্প্ৰদায়ৰ সৰ্বাংগীন বিকাশৰ বাবে ৰাজ্য চৰকাৰে এক সু-পৰিকল্পিত কাৰ্যব্যবস্থা গ্ৰহণ কৰিব। গোর্খা সম্প্ৰদায়ৰ জনসাধাৰণৰ বিকাশৰ বাবে ২৫ কোটি টকা প্রদান কৰাৰ লগতে শৈক্ষিক পৰিবেশৰ উন্নয়ন সাধনৰ লক্ষ্যৰে নিকাহিস্থিত জ্ঞানপীঠ স্নাতক মহাবিদ্যালয়ত বিজ্ঞান অথবা বাণিজ্য শাখা অন্তর্ভুক্ত কৰিবলৈও অসম চৰকাৰে পদক্ষেপ ল’ব।’ বাক্সা জিলাৰ নিকাছিত বুধবাৰে অনুষ্ঠিত অসম গোর্খা সম্মিলনৰ ২৭ সংখ্যক ত্রিবার্ষিক অধিৱেশনত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে।

মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে গোর্খা সম্প্ৰদায়ৰ লোকসকল অসমৰ বৃহত্তৰ জনগাঁথনিৰ এক অবিচ্ছেদ্য অংগ। গোর্খাসকলৰ আৰ্থ-সামাজিক, শৈক্ষিক আৰু বৌদ্ধিক বিকাশৰ বাবে অসম চৰকাৰ দায়বদ্ধ। তেওঁ লগতে কয় যে প্রায় আঠ দশকৰ এক দীঘলীয়া পৰিক্ৰমা অতিক্রমী অসম গোর্খা সম্মিলনে এই গৌৰৱোজ্জ্বল ক্ষণত উপনীত হৈছে। জন্মলগ্নৰে পৰা অসম গোর্খা সন্মিলনে ৰাজাৰ গোৰ্খা সম্প্রদায়ৰ বিভিন্ন সমস্যাৰাজি সমাধানৰ লগতে আর্থ-সামাজিক বিকাশ আৰু অধিকাৰৰ হকে অবিৰাম প্ৰয়াস অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি তেওঁ কয় যে গোর্খা জাতিৰ স্বাভিমান উজ্জীৱিত কৰি জনগোষ্ঠীটোৰ লোকসকলক হাতে হাত ধৰি আগুৱাই যাবলৈ অসম গোর্খা সন্মিলনে প্রেৰণা যোগাই আহিছে।

জনগোষ্ঠীটোৰ সামগ্ৰিক বিকাশত এই সংগঠনে বহুমূলীয়া অৱদান আগবঢ়াবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ সৰু-বৰ সকলো জাতি জনগোষ্ঠীৰ সৈতে সম্প্ৰীতি আৰু ভাতৃত্বৰ বান্ধোন সুদৃঢ় কৰি বৃহত্তৰ অসমীয়া জাতিক শক্তিশালী কৰাৰ ক্ষেত্ৰটো এই সংগঠনে অনবদ্য ভূমিকা গ্ৰহণ কৰিছে। ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে এই সংগঠনৰ সৈতে প্রতিষ্ঠাকালৰে পৰা জড়িত বিশিষ্ট ব্যক্তিসকলৰ প্রতি গভীর শ্রদ্ধা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী কয় যে সংমিশ্ৰণ আৰু সমন্বয়ৰ ভেটিত বৃহত্তৰ অসমীয়া জাতি গঢ় লৈছে। অসমীয়া জাতিৰ সত্ত্বা স্বমহিমাৰে মহিমামণ্ডিত কৰা বিভিন্ন জাতি-জনগোষ্ঠীসমূহৰ ভিতৰত অন্যতম হৈছে অনন্য সাহস আৰু বীৰত্বৰ প্ৰতীক গোৰ্খাসকল। প্রাগঐতিহাসিক কালৰ পৰা অসমকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন প্রান্তলৈ গোৰ্খাসকলৰ প্ৰব্ৰজন ঘটিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে নেপাল আৰু প্রাচীন অসম ভৌগোলিকভাবে সংলগ্ন হৈ থকাৰ বাবে প্ৰাচীন কালৰে পৰা দুয়োখন দেশৰ মাজত এক মধুৰ সম্পর্ক আছিল।

মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতৰ মুক্তি আন্দোলন, সংকীর্ণতাৰ বিৰুদ্ধে সজাগতা শংকৰী কলা কুষ্টি, বিশ্ববিদ্যালয়ৰ মাধ্যম ৰূপে অসমীয়া ভাষাক প্রতিষ্ঠা কৰাৰ আন্দোলন এই সকলোতে আনৰ লগত নিজৰ হাত মিলাই গোর্খাসকল আগবাঢ়ি আহিছে। তেওঁ কয় যে গোর্খাসকল সাহস আৰু বীৰত্বৰ প্ৰতীক। মানৰ বিৰুদ্ধে হোৱা যুঁজত গোৰ্খাসকলে গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছিল। অসমত দুগ্ধ উন্নয়নৰ জৰিয়তে অর্থনীতিতো গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে বৰঙণি যোগাই আহিছে বুলিও তেওঁ কয়। ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ গোৰ্খাসকলৰ ভূমিকা আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্রামকে ধৰি দেশৰ ভৌগোলিক পৰিসীমা তথা আভ্যন্তৰীণ সুৰক্ষাৰ ক্ষেত্ৰত গোৰ্খাসকলৰ অৱদান চিৰস্মৰণীয়। অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনক আগুৱাই নিয়াৰ দিশতো গোৰ্খা সম্প্রদায়ৰ সাহিত্যিকসকলে উল্লেখযোগ্য অবদান আগবঢ়াই যাবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে দীৰ্ঘদিন ধৰি গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে সম্মুখীন হৈ অহা সমস্যাসমূহ একাদিক ক্রমে সমাধান কৰিবলৈ নিষ্ঠাৰে পদক্ষেপ অব্যাহত ৰাখিছে। গোৰ্খা সম্প্ৰদায়ৰ লোকসকল কোনো কাৰণতে বিদেশী নহয় বুলি মন্তব্য কৰি তেখেতে কয় যে ৰাজ্যৰ আন জাতি-জনগোষ্ঠীসমূহৰ দৰে গোর্খাসকলেও যাতে সম-অধিকাৰ লাভ কৰে সেয়া সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰে পদক্ষেপ লৈছে।

এই অনুষ্ঠানত হস্ত তাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংহল, বিটিআৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ো, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱা, বিধায়কসকল ক্ৰমে গণেশ লিম্বু, ভাস্কৰ শৰ্মা, ভূপেন বড়ো, অসম গোর্খা সন্মিলনৰ সভাপতি আৰ পি শৰ্মা, সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ সভাপতি অর্জুন চেত্ৰী আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.