বছৰৰ প্ৰথম টো বানত আক্ৰান্ত দৰঙৰ অৰ্ধেক ঠাই

0 3,690

বছৰৰ প্ৰথম টো বানত আক্ৰান্ত দৰঙৰ অৰ্ধেক ঠাই। এনে সময়ত ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱাটো লক্ষণীয়। সেয়েহে শনিবাৰে মঙলদৈত জেব্ৰা ফৰ্চৰ উদ্যোগত আৰু ডা ভৱ দাস ফাউণ্ডেশ্যনৰ সহযোগত হেলথ চিটী হস্পিতেলৰ তৰফৰ পৰা বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰ অনুষ্ঠিত হয়। উক্ত শিবিৰত হেল্থ চিটি হস্পিটেলৰ অস্ত্ৰোপ্ৰচাৰ বিভাগৰ ডাঃ অতনু বৰঠাকুৰ, ই এনটি বিভাগৰ ড. বিকাশ চৌধুৰী, ড. কল্পনা চৌধুৰী মেডিচিন বিভাগৰ, ড. সোনালী বি. ভূঞা, ড. ভূমিতা দত্ত, পৰাগ জ্যোতি দত্ত, কল্পনা চৌধুৰী, প্ৰসুতি বিভাগ, আদি চিকিৎসকে ৰোগী সকলক ৰোগ নিৰ্ণয় কৰি চিকিৎসাৰ বিধান দিয়ে। লগতে মধুমেহ ৰোগৰ পৰীক্ষা কৰা হয়। শিবিৰত প্ৰায় দুশতকৈও অধিক লোকে বিভিন্ন ৰোগৰ চিকিৎসা লাভ কৰে। হেলথ চিটিৰ এই স্বাস্থ্য শিবিৰ অনুষ্ঠিত হোৱা বাবে মঙলদৈৰ লোকে সন্তোষ প্ৰকাশ কৰে।

স্বাস্থ্য শিবিৰ মুকলি কৰে দৰঙৰ আৰক্ষী অধীক্ষক ৰাজ মহান ৰয়। অনুস্থাত উপস্থিত থাকে পৌৰপতি নিৰ্মালি দেৱী শৰ্মা আৰু মঙ্গলদৈ মহাবিদ্যালয়ৰ অধক্ষ্য কমলা কান্ত বৰা উপস্থিত থাকে।

media school
Leave A Reply

Your email address will not be published.