সামাজিক ব্যংগ ট্ৰায়েংগল অব চেডনেচলৈ কাঁৰ সর্বোচ্চ সন্মান

0 5,749

চুইদেনৰ বোলছবি পৰিচালক ৰুবেন অচ্টলাণ্ডৰ ট্ৰায়েংগল অব চেডনেচ ছবিখনে ৭৫তম কাঁ বোলছবি মহোৎসৱৰ সর্বোচ্চ সন্মান Palme d’Or লাভ কৰে ৷ ছবিখন এখন সামাজিক ব্যংগ, ধনবান ব্যক্তি আৰু মডেলৰ জীৱনত ঘটা কেতবোৰ অপ্ৰত্যাশিত ঘটনাৰ বিৱৰণেৰে ট্ৰায়েংগল অব চেডনেচ এখন সামাজিক ব্যংগাত্মক ছবি ৷

কাঁত সন্মানিত ৰুবেনৰ এইখন দ্বিতীয় ছবি, পুর্বে ২০১৭ত একেজন পৰিচালকৰে দা স্কোৱেৰ ছবিখনে কাঁৰ Palme d’Or লাভ কৰিছিল ৷৷   

 ২৮ মে’ত সামৰণি পৰা কাঁ মহোৎসৱৰ শ্ৰেষ্ঠ পৰিচালকৰূপে বিবেচিত হয় দক্ষিণ কোৰিয়াৰ পার্ক চান-উক ৷ ডিচিচন টু লিভ (Decision to Leave) নামৰ অপৰাধ আৰু শৃংগাৰ ৰসপ্ৰধান ছবিখনৰ বাবে পুৰস্কৃত হোৱা পার্ক চান- উক প্ৰসিদ্ধ তেওঁৰ ২০০৩ চনৰ অল্ডবয় নামৰ থ্ৰিলাৰ ছবিখনৰ বাবে ৷

দক্ষিণ কোৰিয়াৰ চং কাং-হো নির্বাচিত হয় শ্ৰেষ্ঠ অভিনেতা ৰূপে বক্সাৰ নামৰ ছবিখনত কৰা অভিনয়ৰ বাবে ৷ অস্কাৰ বিজয়ী পেৰাচাইট নামৰ ছবিত অভিনয় কৰি ২০১৯ চনত চং কাং-হো বিশ্বত জনাজাত হৈছিল ৷   
 মই সঁচাকৈয়ে এনেকুৱা ছবিহে কৰিব খুজিছিলো যিখন ছবিয়ে দর্শকক উত্তেজিত কৰি তুলিব, তাত থাকিব মানুহক ভবাই তুলিব পৰা উপাদান, ছবিখন হৈ পৰিব মানুহৰ আলোচনাৰ বিষয়বস্তু- এইদৰে কয় “king of cringe”ৰূপে অভিহিত হোৱা চুইদেনৰ পৰিচালক ৰুবেন অচ্টলাণ্ডে ৷

তেওঁ লগতে কয় যে চিনেমাখন চাই উঠাৰ পিচতো যাতে মানুহে চিনেমাখনৰ কথাকে পাতিব পাৰে, সেই বাবে  দর্শকৰ বিনোদন আছিল তেওঁৰ অন্যতম লক্ষ্য ৷ সংবাদ প্ৰতিষ্ঠান এএফপিৰ বাতৰিত কোৱা হৈছে ছবিখনৰ প্ৰিমিয়াৰৰ দিনাই এটা দৃশ্যই দর্শকক হো-হোৱাই হহুঁৱাইছিল ৷

 ছবিখনৰ আৰম্ভণিতে দেখুওৱা য় দুগৰাকী মডেলক যি এক বিলাস নৌকা বিহাৰ কৰিবলৈ গৈ নিখোজ হৈ পৰে আৰু কোনোবা অজান মুলূকত জীৱন সংগ্ৰামত নামি পৰিবলগীয়া হয় ৷ মডেল দুগৰাকীৰ চৰিত্ৰত অভিনয় কৰিছে ব্ৰিটেইনৰ হেৰিচ ডিকিনচন আৰু দক্ষিণ আফ্ৰিকাৰ চার্লবি ডিনে ৷ ছবিখন পর্য্যালোচনা কৰি ভেৰাইটি আলোচনীয়ে কয় যে চিনেমাখন চাই দর্শকে হাঁহিবও, ভাবিবও , পৃথিৱীখন চাবলৈ লাভ কৰিব নতুন এক দৃষ্টিকোণ ৷

 সৌনক সেনৰ তথ্যচিত্ৰ ‘অল দেট ব্ৰিদচ’লৈ L’Oeil d’Or ৭৫তম কাঁ বোলছবি মহোৎসৱলৈ নির্বাচিত একমাত্ৰ ভাৰতীয় ছবি, সৌনক সেনৰ তথ্যচিত্ৰ ‘অল দেট ব্ৰিদচ’ তথ্যচিত্ৰৰ বাবে এই মহোৎসৱৰ সর্বোচ্চ সন্মান L’Oeil d’Orৰ নির্বাচিত হয় ৷ তথ্যচিত্ৰৰ বিষয়বস্তু হৈছে ব্লেক কাইটকে ধৰি আহত পক্ষীৰ উদ্ধাৰ অভিযানত ব্ৰতী মহম্মদ চাউদ আৰু নাদিম ছেহজাদ নামৰ দুজন ককাই-ভাইৰ জীৱন ৷ মহোৎসৱৰ বিচাৰকমণ্ডলীয়ে এই তথ্যচিত্ৰৰ বিষয়ে কয় যে চাৰিওপিনে আজিৰ এই ধ্বংসলীলা চলি থকাৰ সময়ত এইখন তথ্যচিত্ৰই আমাক সোঁৱৰাই দিয়ে যে অকল মানুহৰে নহয়, প্ৰতিটো জীৱৰে জীৱন অমূল্য আৰু মহান ৷  বঁটাৰ বাবদ পৰিচালকে লাভ কৰে ৪.১৬ লাখ টকাৰ ওচৰা উচৰি ৫,০০০ ইউৰো ৷

কোৱা হৈছে যে সৌনক সেনৰ এই তথ্যচিত্ৰ চলিত বছৰত বিশ্বৰ বজাৰলৈ আমাৰ দেশৰ অন্যতম সফল ৰপ্তানি ৷  ইতিপূর্বে এইখন তথ্যচিত্ৰই চানদেঞ্চ মহোৎসৱত ৱর্ল্ড ডকুমেণ্টেৰি গ্ৰেণ্ড জুৰি বঁটা লাভ কৰে আৰু টিভি প্ৰতিষ্ঠান এইচবিঅ’ই ইয়াৰ স্বত্ব ক্ৰয় কৰে ৷ কাঁ মহোৎসৱত সৌনক সেনৰ তথ্যচিত্ৰখনলৈ পুৰস্কাৰ আগবঢ়োৱা বিচাৰক মণ্ডলীত আছিল পোলেণ্ডৰ বোলছবি নির্মাতা এগনিজকা হলেণ্ড, সাংবাদিক এলেক্স ভিচেণ্টে আৰু মৰক্কোৰ লেখক-চিত্ৰনির্মাতা হিচাম ফালা ৷ 

Leave A Reply

Your email address will not be published.