পুনৰ ইন্ধনৰ মূল্য ১.৩% লৈ হ্ৰাস

0 1,148

ইণ্ডিয়ান অইলে হ্ৰাস কৰিলে ইন্ধনৰ মূল্য। দিল্লীত জেট ইন্ধনৰ মূল্য ১.৩% লৈ হ্ৰাস । ইণ্ডিয়ান অইলে জেট ইন্ধনৰ মূল্য হ্ৰাস কৰি ১.২১ লাখ টকা প্ৰতি কিলোলিটাৰ লৈ হ্ৰাস‌ কৰা কথা পোহৰলৈ আহিছে।ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনে (আইঅ’চিএল) আজি দিল্লীত জেট ইন্ধন বা এভিয়েচন টাৰ্বাইন ফুৱেলৰ ( ATF) মূল্য ১.৩% হ্ৰাস কৰি প্ৰতি কিলোলিটাৰত ১.২১ লাখ টকা ( kl) কৰা বুলি জানিব ‌পৰা‌ গৈছে। ২০২২ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা ১০ টাকৈ হাৰ বৃদ্ধিৰ পোৱাৰ পিছত এইটো হৈছে চলিত বৰ্ষৰ প্ৰথম মূল্য হ্ৰাস।


উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ১৬ মে’ত আইঅ’চিএল-এ জেট ইন্ধনৰ মূল্য ৫ শতাংশ বৃদ্ধি কৰি প্ৰতি কেএলত ১.২৩ লাখ টকালৈ বৃদ্ধি কৰা হৈছিল৷ জানুৱাৰী মাহৰ পৰা এটিএফৰ মূল্য ৬১.৭ শতাংশ বৃদ্ধি হৈ প্ৰতি কেএলত ১.২৩ লাখ টকালৈ বৃদ্ধি পাইছিল৷
ৰাছিয়া আৰু‌ ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধ আৰু ক’ভিড মহামাৰীৰ পিছত চাহিদা ঘূৰি অহাৰ পিছত যোগানৰ বাবে বিশ্বব্যাপী শক্তিৰ মূল্য বৃদ্ধি পাইছিল। ইয়াৰ সমান্তৰালভাৱে ভাৰততো বৃদ্ধি পাইছিল ইন্ধনৰ মূল্য।তেলৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ভাৰত আমদানিৰ ওপৰত ৮৫ শতাংশ নিৰ্ভৰশীল।


এটা এয়াৰলাইঞ্চৰ চলিত ব্যয় প্ৰায় ৪০ শতাংশই জেট ইন্ধনৰ। চলিত বছৰত নতুন উচ্চতালৈ বৃদ্ধি পাইছিল জেট ইন্ধনৰ মূল্য।এই মূল্য বৃদ্ধিৰ ১৮.৩ শতাংশৰ আটাইতকৈ বেছি বৃদ্ধি ১৬ মাৰ্চত হৈছিল আৰু তাৰ পিছতেই ১ এপ্ৰিলত ২ শতাংশলৈ বৃদ্ধি হৈছিল এই ব্যয়ৰ পৰিমাণ। পুনৰ ১৬ এপ্ৰিলত ০.২ শতাংশ আৰু ১ মে’ত ৩.২২ শতাংশ পুনৰ বৃদ্ধি হৈছিল জেট ইন্ধনৰ মূল্য ।

media school
Leave A Reply

Your email address will not be published.