ভাৰতীয় ইতিহাসৰ পৃষ্ঠাও দখল কৰি আহিছে আক্ৰমণকাৰী‌ সকলে !

0 57

ভাৰতীয় ৰজাসকলৰ বিষয়ে ইতিহাসৰ পাঠ্যপুথিত কোনো বিষদ উল্লেখ পোৱা নাযায়। আনহাতে “আক্ৰমণকাৰীসকলে” ইতিহাসৰ এটা ডাঙৰ অংশ দখল কৰিছে। এই দাবী বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ। নিজৰ আহিবলগীয়া ছবি সন্দৰ্ভত নিজৰ ‌মত‌ পোষণ কৰা সময়তেই এনেদৰে ‌সাংবাদিকৰ‌ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ‌ কৰা‌ পৰিলক্ষিত হ’ল।সম্ৰাট পৃথ্বীৰাজ চৌহানৰ ওপৰত আধাৰিত তেওঁৰ আহিবলগীয়া চলচ্চিত্ৰখনত বক্তব্য ৰাখি অভিনেতা অক্ষয় কুমাৰে আজি এই দাবী কৰে।

শুক্ৰবাৰে ছবি গৃহত মুক্তি লাভ কৰিব অক্ষয় কুমাৰৰ দ্বাৰা অভিনিত ‘সম্ৰাট পৃথ্বীৰাজ’ নামৰ বোলছবি‌ খন। ছবিখনত অক্ষয় কুমাৰৰ বিপৰীতে দেখিবলৈ পোৱা যাব অভিনেত্ৰী মানুষী ছিল্লাক।
বুধবাৰে সংবাদ সংস্থা এএনআইক দিয়া এক সাক্ষাৎকাৰত অক্ষয় কুমাৰে কয় যে, “দুৰ্ভাগ্যবশতঃ আমাৰ ইতিহাসৰ পাঠ্যপুথিত সম্ৰাট পৃথ্বীৰাজ চৌহানৰ বিষয়ে মাত্ৰ দুটা-তিনিটা শাৰী আছে, কিন্তু আক্ৰমণকাৰীসকলৰ বিষয়ে বহুকথা উল্লেখ কৰা হৈছে।”
ইতিহাসৰ কিতাপত আমাৰ সংস্কৃতি আৰু আমাৰ মহাৰাজাসকলৰ বিষয়ে একো নাই: অক্ষয় কুমাৰ।


অভিনেতাজনে শিক্ষা মন্ত্ৰীক বিষয়টো সন্দৰ্ভত চোৱা-চিতা কৰিবলৈ আহ্বান জনোৱা পৰিলক্ষিত ‌হয়। ইয়াৰ সমান্তৰালভাৱে অভিনেতা জনে কয় যে, “আমাৰ ইতিহাসৰ কিতাপত এই বিষয়ে লিখিবলৈ কোনো নাই। মই শিক্ষা মন্ত্ৰীক এই বিষয়টো চাবলৈ আৰু আমি ইয়াক সন্তুলিত কৰিব পাৰিম নে নাই চাবলৈ অনুৰোধ জনাইছো। আমি মোগলৰ বিষয়ে জনা উচিত, কিন্তু আমাৰ ৰজাসকলৰ বিষয়েও জনা উচিত। তেওঁলোকও মহান আছিল”।


ভাৰতীয় চলচ্চিত্ৰ উদ্যোগ বিশ্বব্যাপী দৃশ্যপটত উপনীত হোৱাৰ বাবে অভিনেতা অক্ষয় কুমাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰা পৰিলক্ষিত ‌হয়।

অক্ষয় কুমাৰৰ আহিবলগীয়া ছবি ‘সম্ৰাট পৃথ্বীৰাজ’ত এক বলিষ্ঠ অভিনয় প্ৰদৰ্শন কৰিব জনপ্ৰিয় অভিনেতা চনু চোদে।আনএক বলিষ্ঠ অভিনয় প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা যাব অভিনেতা সঞ্জয় দত্তক। শুকুৰেবাৰে ছবিগৃহত মুকলি লাভ কৰিবলগীয়া এই ছবিখনে দৰ্শকৰ মন বাৰুকৈ জয় কৰিব বুলি আশা প্ৰকাশ কৰিছে অভিনেতা অক্ষয় কুমাৰে।

Leave A Reply

Your email address will not be published.