সন্ত্ৰাসবাদীৰ ভয়ত শতাধিক হিন্দু পৰিয়ালৰ কাশ্মীৰ ত্যাগ
কাশ্মীৰত যেন দিনক দিনেই বৃদ্ধি পাইছে সন্ত্ৰাসবাদীৰ অত্যাচাৰ। বিগত কেইদিনমানৰ পৰা একেৰাহে সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ হেৰুৱাইছে বহুকেইগৰাকী হিন্দু ধৰ্মাৱলম্বী লোকে। কিন্তু এইক্ষেত্ৰত যেন মৌনতা অৱলম্বন কৰিছে ভাৰত চৰকাৰে। চৰকাৰৰ পৰাও কোনোধৰণৰ সহাৰি লাভ কৰা নাই কাশ্মীৰত বসবাস কৰা হিন্দু লোকলকলে।চৰকাৰৰ পৰা নিৰাপত্তাৰ কোনো নিশ্চিতি লাভ নকৰি উপায়ন্তৰ হৈ এতিয়া কাশ্মীৰ ত্যাগ কৰিছে ১০০ ৰো অধিক কাশ্মীৰী পণ্ডিতে।
ইছলামিক সন্ত্ৰাসবাদীয়ে বৃহস্পতিবাৰে বেংকৰ ভিতৰত কৰ্মৰত এজন হিন্দু বে’ক বিষয়াক ওচৰৰ পৰাই গুলীয়াই হত্যা কৰাৰ দৰে এক নোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে।ইয়াৰ পূৰ্বেও এনে এক হত্যাকাণ্ডৰ ঘটনা জানিব পৰা গৈছিল।কেইদিনমানৰ আগতেও কাৰ্যালয়ৰ ভিতৰতেই এজন কাশ্মীৰী পণ্ডিতক ইছলামিক সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল।
ইয়াৰ উপৰিও আন এগৰাকী হিন্দু শিক্ষয়িত্ৰীও সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুৱাব লগা হৈছিল। বিদ্যালয়ৰ চৌহদৰ ভিতৰতেই সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল উক্ত শিক্ষয়ত্ৰীগৰাকীক। নিহত শিক্ষয়ত্ৰী গৰাকীয়ে কাশ্মীৰৰ কুলগাম জিলাৰ গোপালপোৰাৰ এখন হাইস্কুলত কৰ্মৰত আছিল।
এনেবোৰ হত্যাৰ প্ৰতিবাদত কাশ্মীৰী পণ্ডিতসকলে শ্ল’গান দি অনন্তনাগৰ কাজিগুণ্ডত জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ কথা জানিব পৰা গৈছে।চৰকাৰৰ পৰা নিৰাপত্তাৰ কোনো নিশ্চিতি নাপাই ১০০ ৰো অধিক কাশ্মীৰী পণ্ডিত পৰিয়ালে কাশ্মীৰৰ এৰি পলায়ন কৰাৰ ঘটনা পোহৰলৈ আহিছে।
বাৰামুলাৰ কাশ্মীৰী পণ্ডিত কলনিৰ সভাপতি অৱতাৰ কৃষ্ণ ভাটে এই সন্দৰ্ভত জানিবলৈ দিয়ে , ‘এতিমধ্যে অঞ্চলটোত বাস কৰা ৩০০ টাকৈ হিন্দু পৰিয়ালৰ প্ৰায় আধা সংখ্যকে পলায়ন কৰিছে’।