চাৰি কিশোৰৰ কামনাৰ বলী এগৰাকী ১৭ বছৰীয়া কিশোৰী
চাৰিজন কৈ কিশোৰৰ কামনাৰ বলী হ’ল এগৰাকী ১৭ বছৰীয়া কিশোৰী। হায়দৰাবাদ এই ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।২৮ মে’ত ১৭ বছৰীয়া কিশোৰী গৰাকীয়ে এখন পাবলৈ গৈছিল। পাবৰ পৰা হায়দৰাবাদৰ আপস্কেল বানজাৰা হিলছ এলেকাৰ এটা নিৰ্জন স্থানলৈ লৈ যোৱাৰ পিছত কমেও চাৰিজন কিশোৰে এগৰাকী ১৭ বছৰীয়া কিশোৰীক মাৰ্চিডিজ বেঞ্জ গাড়ীত দলবদ্ধ ভাৱে ধৰ্ষণ কৰিছিল।কিশোৰী গৰাকীয়ে পাব খনৰ এটা পাৰ্টিত উপস্থিত আছিল। ৩১ মে’ৰ দিনা ঘটনা এই সন্দৰ্ভত আৰক্ষী থানাত পৰিয়ালৰ লোকে এজাৰ দাখিল কৰিছিল।
আৰক্ষীয়ে প্ৰথমতে তেওঁৰ দেউতাকৰ অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৫৪ (শালীনতা ক্ষুণ্ণ কৰাৰ উদ্দেশ্যে কৰা আক্ৰমণ বা অপৰাধমূলক শক্তি) আৰু যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইনৰ অধীনত নামহীন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। বৃহস্পতিবাৰে, তেওঁলোকে প্ৰথম তথ্য প্ৰতিবেদন (এফ.আই.আৰ.) সলনি কৰে আৰু ছোৱালীজনীৰ সৈতে কথা পতাৰ পিছত আৰু চিকিৎসা পৰীক্ষাৰ প্ৰতিবেদনৰ আধাৰত আই.পি.চি. ধাৰা 376 (দলবদ্ধ ধৰ্ষণ) গোচৰ ৰুজু কৰে।
শুকুৰবাৰে নাম প্ৰকাশ নকৰাৰ চৰ্তত এজন আৰক্ষী বিষয়াই কয় যে অভিযুক্ত কেইজনৰ ভিতৰত হায়দৰাবাদৰ পুৰণি চহৰৰ এজন বিধায়কৰ পুত্ৰ আৰু আন এজন ধৰ্মীয় বিষয়ৰ সৈতে মোকাবিলা কৰা এজন বিষয়া বুলি জানিবলৈ দিয়ে। অনুসন্ধানৰ পিছত আনকেইজনৰ বিষয়েও পোহৰলৈআহিব বুলি জানিব দিয়ে।আৰক্ষীয়ে পৰা জানিব পৰা মতে অভিযুক্ত কেইজনে কিশোৰী গৰাকীক একেখন গাড়ীত সন্ধিয়া প্ৰায় ৭ বজাত পুনৰ একেখন পাবত এৰি গৈছিল।অসমৰ্থিত প্ৰতিবেদনৰপৰা জানিব পৰা মতে পাবৰ পৰা প্ৰাপ্ত চিচিটিভি ফুটেজৰ ওপৰত ভিত্তি কৰি দুজন অভিযুক্তক জিম্মাত লোৱা হৈছে আৰু সোধা-পোছা অব্যাহত ৰখা হৈছে।