‘আধাৰ কাৰ্ড’ৰ পৰা বঞ্চিত পদ্মশ্ৰী অৰণ্য মানৱ যাদৱ পায়েং
পদ্মশ্ৰী অৰণ্য মানৱ যাদৱ পায়েঙে ‘আধাৰ কাৰ্ড’ লাভ নকৰাত সৰৱ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ৷তেওঁৰ জীৱনকলৈ আধাৰিত গ্ৰন্থৰ বাবে আমেৰিকাৰ লেখিকা চফিয়া ঘলছেৰ বহুল চৰ্চা লাভ কৰি পুৰস্কাৰৰ বাবে বিবেচিত হৈছে। যি গৰাকী ব্যক্তিক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানৰে বিভূষিত কৰিছে, যাক ‘অৰণ্য মানৱ’ আখ্যা দিয়া হয় সেই ব্যক্তি গৰাকী হৈছে যাদৱ পাঙেং।
অৱদান অসমৰ প্ৰকৃতি তথা অসমখনৰ বাবে অনবদ্য তেনে এজন ব্যক্তি আধাৰ কাৰ্ড লাভ কৰাৰ পৰা বঞ্চিত হোৱাত সৰৱ হৈ উঠিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ। সংস্থাটো ৰাজ্যিক অধ্যক্ষ নিশান্ত থৰ স্বাক্ষৰিত আৰু শোণিতপুৰ জিলাৰ মিডিয়া বিষয়া(অবৈতনিক) মৃন্ময় কুমাৰ নাথৰ দ্বাৰা সাংবাদিকলৈ প্ৰেৰিত অভিযোগ পত্ৰখনিত যোৰহাট জিলাৰ উপায়ুক্তক বিষয়টিৰ তৎকালিন হস্তক্ষেপ কামনা কৰিছে আৰু বিভাগীয় গাফিলতিৰ ব্যৱস্থা গ্ৰহণৰ পোশকতা কৰিছে। এই বিষয়টি অতি দুৰ্ভাগ্যজনক আখ্যা দি অসম ৰাজ্যপালৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ইতিমধ্যে অৱগত কৰিছে সংস্থাটোৰ ৰাজ্যিক অধ্যক্ষ গৰাকীয়ে।
সংস্থাটোৱে যোৰহাট জিলাৰ ককিলামুখৰ ১নং মিচিং গাওঁ নিবাসী “অৰণ্য মানৱ” পায়েঙদেৱৰ ঘৰলৈ যোৱা কদৰ্য পথটিৰ অৱস্থা প্ৰত্যক্ষ কৰি ক্ষোভ প্ৰকাশ কৰিছে সংস্থাটিয়ে আৰু পদ্মশ্ৰী সন্মানৰে বিভুষিক ব্যক্তি গৰাকীক লগ কৰিবলৈ অসমৰ বাহিৰেও বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে যি দুৰ্ভোগ ভুগিব লগা হয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই ক্ষেত্ৰত অসম চৰকাৰৰ ইতিবাচক সঁহাৰি আশা কৰিছে।