ৰাজহুৱা খণ্ডৰ শিক্ষাৰ মানদণ্ডক লৈ বিশেষ অধ্যয়নৰ পষোকতা  শিক্ষামন্ত্ৰীৰ

0 143

অসম মাধ্যমিক শিক্ষা পৰিশদৰ অধীনৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ মংগলবাৰে ঘোষিত ফলাফলত  উত্তীৰ্ণসকলক শুভেচ্ছা জ্ঞাপন কৰি ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্রী ডঃৰণোজ পেগু। মন্ত্ৰীগৰাকীয়ে ৰাজহুৱা খণ্ডৰ মান ক্ৰমে অৱনমিত হোৱাৰ কথা স্বীকাৰ কৰি উদ্বিগ্নতা প্ৰকাশ কৰে ৷ অৱশ্যে হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল সুচাৰুভাৱে দিবলৈ সক্ষম হোৱাত শিক্ষামন্ত্ৰী ৰণোজ পেগুই ছেবাৰ সকলো বিষয়া-কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন কৰি অনুত্তীৰ্ণসকলক পুনৰ চেষ্টা কৰিবলৈ আহ্বান জনায়।

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত ৰাজহুৱা শিক্ষাৰ মান অৱনমিত হোৱাত উদ্বিগ্নতা প্ৰকাশ কৰি কয় যে, ‘চৰকাৰী বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰৰ সংখ্যা কমিছে ৷ এই বিষয়টোত আমি অধ্যয়ন কৰিব লাগিব। চিৰাং, কাছাৰ, কাৰ্বি আংলঙকে ধৰি কেইখনমান জনজাতীয় জিলাতো ফলাফল বেয়া। ডিমা হাচাওৰ ফলাফল কাৰ্বি আংলঙতকৈ ভাল হৈছে। চাহ বাগান অঞ্চলত শিক্ষা বহু পিছ পৰি আছে। কিন্তু চৰকাৰীভাৱে চাহ বাগান অঞ্চলত বিদ্যালয় স্থাপন কৰা হৈছে। চাহ বাগান অঞ্চলৰ ফলাফল বেয়া হোৱাৰ কাৰণ অধ্যয়ন কৰা হ’ব।

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই সন্দৰ্ভত অধ্যয়ন কৰিবলৈ ছেবাক নিৰ্দেশ দিয়া হৈছে বুলি সদৰি কৰি লগতে কয় যে, ইংৰাজী মাধ্যমৰ স্কুলসমূহৰ ফলাফল কিছু ভাল। চৰকাৰী বিদ্যালয়ত শিক্ষক, আন্তঃগাঁথনিৰ কিছু গেপ আছে। ইয়াক দূৰ কৰাৰ বাবে চিন্তা কৰা হৈছে। তেঁও লগতে উত্তীৰ্ণৰ হাৰ এইবাৰ কম হোৱাটো অৱধাৰিত বুলি উল্লেখ কৰি কয় যে, কিয়নো এইবাৰ ক’ভিডৰ প্রভাৱ শিক্ষাৰ ওপৰত পৰিছে। শিক্ষামন্ত্ৰী পেগুই লগতে ৰাজ্যত দশম শ্রেণীৰ পৰীক্ষা হৈয়ে থাকিব আৰু ইয়াত প্রথম ১০টা স্থানৰ ব্যৱস্থাটোও থাকিব বুলি ঘোষণা কৰে৷

media school
Leave A Reply

Your email address will not be published.