কুৱাঁৰ ভিতৰৰ পৰা উদ্ধাৰ মহিলাৰ মৃতদেহ

0 49

জামুগুৰিহাটত সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা। কুৱাৰ ভিতৰৰ পৰা উদ্ধাৰ হল এগৰাকী মহিলাৰ মৃতদেহ। মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই সমগ্ৰ অঞ্চলজুৰি এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে।

জামুগুৰিহাটৰ নিকটৱৰ্ত্তী খনামুখত মঙলবাৰে সন্ধিয়া ভাগত এটা কুৱাঁৰ ভিতৰৰ পৰা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল বুলি জানিব পৰা গৈছে। উদ্ধাৰ হোৱা মৃতদেহটো অঞ্চলটোৰেই নিভা কুলা নামৰ বিবাহিত মহিলা গৰাকী বুলি চিনাক্ত কৰা হৈছে। ৰাস্তাত কাম কৰা বনুৱাই কুৱাঁৰ পৰা পানী তুলি থকা অৱস্থাত কুৱাঁৰ পানীত মহিলা গৰাকীৰ মৃতদেহ ওপঙি থকা প্ৰত্যক্ষ কৰিছিল।

এই ঘটনা সন্দৰ্ভত বনুৱা কেইজনে স্থানীয় ৰাইজৰ লগতে আৰক্ষীক অৱগত কৰে। আৰক্ষীৰ উপস্থিতিত মহিলা গৰাকীৰ মৃতদেহ কুৱাঁৰ পৰা উদ্ধাৰ কৰা হয়।জানিব পৰা মতে দুবছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হোৱা মহিলা গৰাকী। উল্লেখযোগ্য যে, বিগত তিনি দিন ধৰি সন্ধানহীন হৈ আছিল মহিলাগৰাকী।

Leave A Reply

Your email address will not be published.