ABC পাইপলাইন | অসমৰ মাজেদি উত্তৰ ব্ৰহ্মদেশ,চীনদেশলৈ হৈছিল ইন্ধন পৰিবহণ !

0 47

এ বি চি নামৰ তৈল পৰিবাহী পাইপলাইনডালৰ আছে এক ডাঙৰ ইতিহাস।১৯৪২-৪৩ চনত চীনৰ পশ্চিম সীমান্ত আৰু উত্তৰ ব্ৰহ্মদেশত জাপানী সৈন্যৰ বিৰূদ্ধে মিত্ৰ বাহিনীৰ যুদ্ধখনে ব্যাপক ৰূপ ধাৰণ কৰাত মিত্ৰ বাহিনীৰ যুদ্ধটেংক, বৃহদাকাৰ ট্ৰাক আৰু যুজাঁৰু বিমান তথা মালবাহী বিমানসমূহৰ বাবে যথেষ্ট পৰিমাণৰ পেট্ৰ’লজাত ইন্ধনৰ প্ৰয়োজন আহি পৰিছিল ৷ আকাশীপ়থেৰে যুদ্ধক্ষেত্ৰলৈ ইন্ধন যোগান অব্যাহত আছিল যদিও ই এপাছি শাকত এটা জালুকৰ দৰে আছিল৷

সেয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে তৎকালেই কলিকতা আৰু চিটাগং বন্দৰৰ পৰা অসমৰ মাজেদি উত্তৰ ব্ৰহ্মদেশ আৰু চীনদেশলৈ ইন্ধন পৰিবহণ কৰিবলৈ দুডাল পাইপলাইন নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছিল ৷ সেইমৰ্মে কলিকতা বন্দৰ আৰু চিটাগং বন্দৰৰ পৰা উজনি অসমৰ তিনিচুকীয়ালৈকে দুডাল ৬ ইন্সিৰ তেল পৰিবাহী পাইপলাইন নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ৷ কলিকতা-তিনিচুকীয়া পাইপলাইনডালৰ দৈৰ্ঘ আ়ছিল ১২০৭ কিলোমিটাৰ আৰু বিভিন্ন স্থানত স্থাপন কৰা হৈছিল ৩৫ টা পাম্পিং ষ্টেশ্যন৷ তেনেদৰে চিটাগং-তিনিচুকীয়া পাইপলাইনডালৰ দৈৰ্ঘ আছিন ৯০১ কিলোমিটাৰ আৰু ইয়াত স্থাপন কৰা হৈছিল ২০৬ টা পাম্পিং ষ্টেশ্যন৷

তিনিচুকীয়াত তেওঁলোকে স্থাপন কৰিছিল ২৪টাকৈ বৃহৎ মজুতকৰণ ভাণ্ডাৰ৷ আমদানিকৃত পেট্ৰ’লজাত সামগ্ৰীসমূহৰ বিশুদ্ধতা, গুণাগুণ পৰীক্ষাৰ বাবে তিনিচুকীয়াতেই দুটা পৰীক্ষাগাৰ স্থাপন কৰা হৈছিল৷ তিনিচুকীয়াৰ পৰা ডিগবৈ, লিডু হৈ তেতিয়া নিৰ্মীয়মান Stilwell Road টোৰ সমান্তৰালকৈ ৪ ইন্সিৰ পাইপ ব্ৰক্ষ্মদেশ আৰু চীনলৈকে এই পাইপলাইনৰ বিস্তাৰ কৰিছিল৷ এই পাইপলাইনেৰে প্ৰধানকৈ গেছ’লিন, ডিজেল আৰু এভিয়েশ্ব্যন গেছ’লিন পৰিবাহিত হৈছিল৷পাইপলাইন নিৰ্মাণ কৰা আমেৰিকান অভিযন্তাসকল আছিল টেক্সাছ, অ’কলাহ’মা, কেলিফৰ্ণিয়া, পেঞ্চিলভেনিয়া তৈলক্ষেত্ৰসমূহৰ একো একোজন অভিজ্ঞ অভিযন্তা তথা উচ্চপদস্থ বিষয়া৷ তথাপিও তেওঁলোকে ককাঁললৈকে বোকাত লেটি লৈ, ৰ’দ বৰষুণক নেওচি নিৰ্দ্ধাৰিত দিনৰ পূৰ্বেই এই অসাধাৰণ বুলি ভবা কামটো সম্পূৰ্ণ কৰিবনৈ সক্ষম হ’ল৷

প্ৰয়োজনীয় সা-সৰঞ্জামৰ অভাব, মেলেৰিয়া, গ্ৰহণী ৰোগৰ প্ৰকোপ, অটব্য অৰণ্য, খৰস্ৰোতা নদ-নদী, সুউচ্চ পাহাৰ অতিক্ৰমী নিৰ্মাণ কৰা প্ৰায় তিনিহাজাৰ কিলোমিটাৰ দৈৰ্ঘৰ পাইপলাইন ব্যৱস্থাটো আছিল দ্বিতীয় মহাযুদ্ধৰ এটা অসাধাৰণ অভিযান্ত্ৰিক কীৰ্তি৷উল্লেখযোগ্য যে, এই পাইপলাইনৰ মাধ্যমেদি পৰিবাহিত হৈছিল সৰ্বমুঠ ১৫০,০০০,০০০ গেলন ইন্ধন !যুদ্ধ অন্ত পৰাৰ পাছত এই পাইপলাইন ব্যবস্থাটোক পৰিত্যক্ত হিচাপে ঘোষণা কৰা হয় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে এজন ভাৰতীয় লোকক এই সম্পদসমূহ বিক্ৰী কৰি দিয়ে৷ ইয়াৰ ভিতৰত আছিল ৪ ইঞ্চিৰ ৭৩৫ মাইল জোৰা পাইপলাইন, ৩৯টা পাম্পিং ষ্টেশ্যন আৰু ১০নিযুত গেলন ক্ষমতাৰ বিভিন্ন প্ৰকাৰৰ টেংক ৷কোনো পূৰ্ব জৰীপ তথ্য নথকাকৈ, কোনো আধুনিক যন্ত্ৰপাতি অবিহনে এনে এটা দুৰ্জেয়। প্ৰকল্প কেনেকৈ তেওঁলোকে সম্পাদন কৰিছিল সেইয়া আজিৰ দিনত সাঁথৰ ৷এই পাইপলাইনডালৰ কিছু অংশ এতিয়া ডিগবৈৰ শতবাৰ্ষিকী সংগ্ৰহালয়ত দৰ্শকৰ প্ৰদৰ্শনৰ বাবে ৰখা হৈছে ৷

Leave A Reply

Your email address will not be published.