ভাৰতীয় ডাক বিভাগৰ ২০ হাজাৰ কোটি টকাৰ লোকচান

0 83

শেহতীয়াকৈ দেশৰ ডাকসেৱা দুৰৱস্থাৰ কথা পোহৰলৈ আহিছে। যোৱা বছৰৰ বিত্তীয় বৰ্ষৰ প্ৰতিবেদন প্ৰতিবেদন আজিও আনুষ্ঠানিকভাৱে প্ৰকাশ নাপালে, কিন্তু প্ৰতিবেদনখনৰ খচৰাত উল্লেখ কৰা অনুসৰি বিত্তীয় বৰ্ষত ভাৰতীয় ডাক বিভাগৰ প্ৰায় ২০ হাজাৰ কোটি লোকচান সন্মুখীন হৈছে। মোদীৰ শাসনকালতে ২০১৫-১৬ বিত্তীয় বৰ্ষৰ পৰা বৰ্তমানলৈকে দেশৰ ডাক বিভাগৰ ৯৭ হাজাৰ কোটি টকা লোকচান হৈছে।

ভাৰতত ১ লাখ ৬৫ হাজাৰ প’ষ্ট  অফিচ একাউণ্ট আছে আৰু এইসমূহে ৩০ কোটি নাগৰিকক বেংকিং সেৱা প্ৰদান কৰি আহিছে। প’ষ্ট  অফিচে সাধাৰণ বিত্তীয় লেন-দেনৰ উপৰিও জীৱন বীমাও পৰিচালনা কৰি আহিছে। কিন্তু এনেবোৰ গুৰত্বপূৰ্ণ সেৱা আগবঢ়োৱা পাছতো বৃহ९ লোকচানৰ সন্মখীত হোৱাটো ডাক সেৱাৰ বাবে ই এক চিন্তনীয় বিষয় হৈ পৰিছে। ২০২১ বৰ্ষটোত দেশৰ ডাক বিভাগে ১০ হাজাৰ ৫৪২ কোটি টকা উপাৰ্জন কৰিছিল। গ্ৰাহকৰ একাউণ্ট আৰু ক্ষুদ্ৰ সঞ্চয়ৰ জৰিয়তে প’ষ্ট  অফিচে ৬ হাজাৰ কোটি টকা লাভ কৰিছিল। ইয়াৰ পাছতো বিভাগটোৱে লোকচানৰ সন্মুখীন হব লগা বিষয়টোত মোদী চৰকাৰৰ বিফলতাই প্ৰমাণ কৰিছে।

চৰকাৰৰ সু-পৰিকল্পিত পৰিকল্পনাৰ অভাৱত এনেকুৱা এটা বৃহ९ প্ৰতিষ্ঠান ধ্বংস হবলৈ বেছি সময় নালাগিব। চৰকাৰে যেন পুনৰ লোকচানৰ দোহাই দি দেশৰ ডাক সেৱাৰ দৰে গুৰুত্বপূৰ্ণ এটা খণ্ড যাতে ব্যক্তিগত খণ্ডৰ হাতত যেন গতাই নিদিয়ে তাৰ বাবে চৰকাৰক সময় থাকোতে যথোপযুক্ত ব্যৱস্থা ল’বলৈ এতিয়া সকলোৱে আহ্বান জনাইছে। 

media school
Leave A Reply

Your email address will not be published.