বিজেপিৰ পৰা বহিষ্কৃত নুপুৰ শৰ্মালৈ ডাটচৰ MPৰ সমৰ্থন

0 100

নুপুৰ শৰ্মাই মুছুলমানসকলৰ ধৰ্মীয় গুৰু মহম্মদৰ ওপৰত কৰা পিছতেই ইছলাম ধৰ্মী লোকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। এক টিভি সাক্ষাৎকাৰৰ সময়ত নুপুৰ শৰ্মাই এক বিতৰ্কিত মন্তব্য কৰিছিল। সমগ্ৰ বিশ্বতেই নুপুৰ শৰ্মাৰ এই মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰব, ইৰাক, আফগানিস্তান, পাকিস্কান আদি সকলোতেই এই মন্তব্যৰ বৰ বিহৰ দৰে ক্ৰিয়া কৰিছে।

বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মাই এই মন্তব্য কৰাৰ পিছত বিজেপি দলৰ পৰা তেওঁক বহিষ্কাৰ কৰা হৈছিল। আনহাতে নুপুৰ শৰ্মাৰ এই মন্তব্যক শ্বেয়াৰ কৰা আন এজন বিজেপিৰ নেতাকো বিজেপি দলৰ পৰা বহিষ্কাৰ কৰাৰ কথা জানিব পৰা গৈছে।

এনে সময়তে ডাটচৰ এম পি গীৰ্ট ৱাইল্ডাৰছে এই ঘটনাটোক লৈ নুপুৰ শৰ্মাক পূৰ্ণ সমৰ্থন আগবঢ়োৱা পৰিলিত হৈছে। ডাটচ এম পি জনে নুপুৰ শৰ্মাক সমৰ্থন জনাই ভাৰতীয় সকললৈ সম্বোধন কৰি লিখিলে যে, “কেতিয়াও অল কাইদাৰ দৰে ইছলামিক আতংকবাদী সংগঠনক ওচৰত হাৰ নামানিব কিয়নো ইহতে বৰ্বৰতাক সমৰ্থন কৰে।“

media school
Leave A Reply

Your email address will not be published.