তৃতীয় যুদ্ধ আৰম্ভ হ’লে ভয়ংকৰ নাটনি হ’ব ইন্ধনৰ

0 45

ভাৰত-পাকিস্তান নাইবা চীনৰ মাজত যুদ্ধই মাতিব আনিব পাৰে তৃতীয় বিশ্ব যুদ্ধ। এই বিশ্ব যুদ্ধৰ ফলত কিন্তু বিশ্বত ভয়ংকৰ ইন্ধনৰ নাটনিয়ে দেখা দিব পাৰে।৯০ৰ দশকত সংঘটিত উপসাগৰীয় যুদ্ধখনৰ সময়ৰ কথা মনত আছে নহয় ? সেইসময়ত সমগ্ৰ বিশ্বতে পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ মূল্যই সৰ্বকালৰ অভিলেখ ভংগ কৰিছিল আৰু আমদানিৰ ওপৰত নিৰ্ভৰশীল ভাৰতৰ দৰে দেশৰ অৰ্থনীতিত মাধমাৰ পৰিছিল৷
অদূৰ ভবিষ্যতেও ঘটিবলগীয়া এনে সংকটময় পৰিস্থিতিত পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ অবিহনে দেশ এখনৰ অৰ্থনীতি কেনেকৈ চম্ভালিব পৰা যাব ! আজিৰ বিশ্বত পেট্ৰ’লিয়ামেই হৈ়ছে অৰ্থনীতিৰ মূল চালিকা শক্তি৷

উন্নত দেশেসমূহে এনে জৰুৰীকালীন পৰিস্থিতিৰ সাময়িক ভাবে জোৰা মাৰিবলৈ ভূগৰ্ভৰ তলত নিৰ্মিত মজুত ভাণ্ডাৰত খাৰুবা তেল মজুত কৰি ৰাখিছে৷ আমেৰিকা যুক্তৰাষ্ট্ৰই ৭৩০, চীনে ৫৫০, জাপানে ৫২৮, দক্ষিণ কোৰিয়াই ২১৪ নিযুত বেৰেল তেল মজুত কৰি ৰাখিছে৷তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দিনতে ১৯৯৮ চনত ভাৰতবৰ্ষতো এনে মজুত ভাণ্ডাৰ নিৰ্মাণ কৰি আপাতকালীন সময়ৰ বাবে তেল মজুত কৰাৰ প্ৰস্তাব গ্ৰহণ কৰা হয় আৰু ২০০৫ চনত পেট্ৰ’লিয়াম মন্ত্ৰালয়ৰ অধীনত এই কামৰ বাবে Indian Strategic Petroleum Reserve Limited নামৰ এটা সংস্থা গঠন কৰা হয়৷

এই সংস্থাই ইতিমধ্যে ৪০০০ কোটি টকা ব্যয়ৰে বিশাখাপট্টনমত(১.৩৩), মাংগালোৰত(১.৫) আৰু কৰ্ণাটকৰ পাদুমত(২.৫) মুঠ ৫.৩৩ নিযুত মেট্ৰিক টন তেল ভূগৰ্ভৰ তলৰ শিলাখণ্ডৰ মাজত মজুত কৰি ৰাখিছে৷ ইয়ে ভাৰতৰ ১০ দিনৰ চাহিদা পূৰণ কৰিব পাৰিব৷ ইয়াৰোপৰি বৰ্তমানৰ চৰকাৰে উৰিষ্যাৰ চান্দিখোলে আৰু পাদুনত অতিৰিক্ত ৬.৫ নিযুত মেট্ৰিক টন তেল মজুত ৰখাৰ বাবে ভাণ্ডাৰ নিৰ্মাণত অনুমোদন জনাইছে৷
সাধাৰণতে ভাৰতৰ শোধনাগাৰকেইটাত ৬৫ দিনৰ বাবে খাৰুবা তেল মজুত থাকেই৷ ভাৰতবৰ্ষ হৈছে বিশ্বৰ তৃতীয় বৃহৎ তেল আমদানিকাৰী দেশ৷ ই প্ৰতিদিনে গড় হিচাপে ৪.৫ নিযুত বেৰেল তেল আমদানি কৰে৷
শেহতীয়াকৈ এমেৰিকা যুক্তৰাষ্ট্ৰতো ভূগৰ্ভত তেল মজুত ৰখাৰ বাবে ভাৰত চৰকাৰে চুক্তিত স্বাক্ষৰ কৰিছে৷
পৰিবৰ্তিত ভূৰাজনৈতিক কাৰণৰ বাবেই আৰু শক্তি নিৰাপত্তা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত এই পদক্ষেপ গ্ৰহণ কৰাটো জৰুৰী হৈ পৰিছে৷

Leave A Reply

Your email address will not be published.