ৰাজ্যসভা নিৰ্বাচন ভাগ্য নিৰ্ণয় হ’ব ২১ গৰাকী প্ৰাৰ্থীৰ
- আজি ৰাজ্যসভা নিৰ্বাচন
- আশংকাৰ মাজেৰে আজি আৰম্ভ হৈছে ৰাজ্যসভা নিৰ্বাচন
- এই ৰাজ্যসভা নিৰ্বাচন যোগে ২১ গৰাকী হেভিৱেট প্ৰাৰ্থীৰ নিৰ্ণয় কৰা হ’ব ভাগ্য
- চাৰিখন ৰাজ্যৰ মুঠ ১৬ খন ৰাজ্য সভাৰ আসনৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন
আজি চাৰিখন ৰাজ্যৰ মুঠ ১৬ খন ৰাজ্য সভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছ । এই নিৰ্বাচনত মুঠ ২১ গৰাকী প্ৰাৰ্থী আছে। ইয়াৰ ভিতৰত আছে মহাৰাষ্ট্ৰৰ হেভিৱেট প্ৰাৰ্থী, পীয়ুষ গোৱেল, সঞ্জয় ৰাউত, প্ৰফুল পেটেল। ৰাজস্থানৰ দুটা উল্লেখযোগ্য নাম হৈছে মুকুল ৱাচনিক আৰু ৰণদীপ সুৰজেৱালা। কৰ্ণাটকৰ হেভিৱেটসকলৰ তালিকাত নিৰ্মলা সীতাৰমণ আৰু জয়ৰাম ৰমেশ অন্তৰ্ভুক্ত আছে। হৰ্ছ-ট্ৰেডিং আৰু ক্ৰছ-ভোটিংৰ আশংকাৰ মাজতে আজি ৰাজ্যসভা নিৰ্বাচন আৰম্ভ হৈছে৷
মহাৰাষ্ট্ৰত মুঠ ছয়খন আসনত নিৰ্বাচন অনুষ্ঠিত হৈছে৷ৰাজ্যখনৰ এখন আসনৰ বাবে ৰাজ্যখনক ৪২ জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। মহাৰাষ্ট্ৰ বিকাশ আঘাদী মিত্ৰজোঁটে মহাৰাষ্ট্ৰত তিনিখন আসন লাভ কৰাৰ সম্ভাৱনা আছে বিপৰীতে বিজেপিয়ে এখন আসনত জয়লাভৰ সম্ভাৱনা আছে। ইয়াৰ বাহিৰেও, ৰাজ্যখনত এখন আসনৰ বাবে শক্তিশালী প্ৰতিযোগিতা হোৱাৰ সম্ভাৱনা আছে।
কৰ্ণাটক বিজেপি শাসিত ৰাজ্য আৰু ইয়াৰ চাৰিখন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে। ইয়াৰ ভিতৰত, দুখন আসন বিজেপিলৈ আৰু এখন কংগ্ৰেছলৈ যোৱাৰ সম্ভাৱনা আছে। চতুৰ্থখন আসনৰ বাবে দুয়োটা দলৰ বাবে প্ৰত্যাহ্বান হ’ব। ৰাজস্থানত মুঠ চাৰিখন আসনত নিৰ্বাচন অনুষ্ঠিত হ’ব। দুয়োখন আসন পোনপটীয়াকৈ কংগ্ৰেছত আছে। বিজেপিয়ে এখন আসনত জয়ৰ সম্ভৱনা আছে। ইয়াত এখন আসনৰ বাবে ৪১ জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। ই মূলতঃ এটা আসনৰ বাবে প্ৰতিদ্বন্দিতা হব। বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী সুভাষ চন্দ্ৰই ৰাজ্যখনৰ পৰা মনোনয়ন দাখিল কৰিছে।
হাৰিয়ানাত দুখন ৰাজ্যসভাৰ আসন আছে। এখন আসন জিকিবলৈ ৰাজ্যখনক ৩১ জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। বিজেপি আৰু কংগ্ৰেছে ৰাজ্যখনত এটাকৈ আসন পাব পাৰে। কিন্তু কংগ্ৰেছৰ অন্তৰ্দ্বন্দ্বক ব্যৱহাৰ কৰি, বিজেপিয়ে দুয়োখন আসন দখল কৰিবলৈ সক্ষম হব পাৰে।