আজি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা
ব্যাপক নিৰ্বাচনী হিংসাৰ মাজত ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনৰ ভোট গণনা। ২৬ টা সমষ্টিৰ বাবে ৮ জুনত অনুষ্ঠিত হোৱা নিৰ্বাচনত অৱতীৰ্ণ হোৱা ১৫৪ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য চূড়ান্ত হ’ব। ভোটগ্ৰহণ সম্পন্ন হৈ যোৱা কাৰ্বি পৰিষদৰ এইবাৰৰ নিৰ্বাচনত প্ৰধান বিৰোধী দল কংগ্ৰেছকে ধৰি আন দলসমূহৰ স্থিতি বিশেষভাৱে শক্তিশালী নহয়।
বিজেপি দলৰ প্ৰাৰ্থীৰ হকে নেতাসকলক বাদ দিও স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই নিৰ্বাচনৰ বাবে ১৯ খনকৈ প্ৰচাৰ সভাত অংশ লৈ প্ৰতিদ্বন্দী সমূহ প্ৰাৰ্থীকে নিশ্চিহ্ন কৰি দিয়াৰ বাবে জোৰদাৰ প্ৰচেষ্টা চলাইছিল। বিগত নিৰ্বাচনত ২৬ খন আসনৰ ভিতৰত ২৪ খন আসন দখল কৰা বিজেপি দলে এইবাৰ কেউখন আসনতেই জয়লাভ কৰিব বুলিয়েই নিৰ্বাচনৰ পূৰ্বানুমান কৰা হৈছিল।
কিন্তু ৮ জুন আৰু তাৰো দুদিন পূৰ্বে বিভিন্ন সমষ্টিত সংঘটিত বিভিন্ন বিক্ষিপ্ত ঘটনাৰ পৰিপ্ৰেক্ষিতত দুটা সমষ্টিত পুনৰ ভোটগ্ৰহণ কৰিবলগা হয়। ফলত ২৬ খন আসনতেই জয় লাভ কৰাৰ পথত সামান্য পৰিমাণে হ’লেও বাধাৰ সৃষ্টি কৰিব বুলি এতিয়া গেৰুৱা শিবিৰতেই আলোচনা হৈছে ৷