শ শ হজযাত্ৰীৰ ডিঙিত উজলি উঠিল অসমৰ গামোচা

0 139

মদিনাত অসমৰ শ শ হজযাত্ৰীৰ ডিঙিত উজলি উঠিল অসমৰ গামোচা ।এই গামোচাই মদিনাত হাজী সকলৰ বাবে এটা ডাঙৰ নিদৰ্শন হিচাবে পৰিগনিত হৈছে। মদিনাৰ অলিয়ে গলিয়ে হাজী সকলৰ চিনাকিৰ বাবে অসমীয়া গামোচা মূল্যবান অস্ত্ৰ হিচাবে বিবেচিত হৈছে ।

লাখ লাখ হজ্বযাত্ৰীৰ মাজৰ পৰা হাজী এজন হেৰুৱাই গলে অসমৰ হাজীক উদ্ধাৰৰ ক্ষেত্ৰত অসমীয়া গামোচাই এক গুৰুত্ত্বপুৰ্ণ ভূমিকা গ্ৰহন কৰিছে বুলি হাজী সকলৰ দায়িত্ত্বত থকা খাদিমুল হুজ্জাজ আলহাজ আব্দুল হাইয়ে জানিবলৈ দিয়ে। গামোচা ডিঙিত থাকিলে অসমৰ পৰা যোৱা বুলি সকলোৱে বুজি পায় আৰু এজন অসমীয়াই আন এজনক অসমীয়া হিচাবে মাত দিবলৈ সুবিদা কৰি দিছে এই অসমীয়া গামোচা খনে।

এই ক্ষেএত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক মদিনাৰ পৰা আন্তৰিক ধন্যবাদ জনোৱাৰ লগতে অসমৰ হজ্জ কমিটিৰ অধক্ষ্য নেকিবুৰ জামানৰ হজ্জ পৰিচালনাৰ কাম কাজক হাজী সকলে আদৰণি জনাইছে ।

media school
Leave A Reply

Your email address will not be published.