অৰুণাচলত সন্ধানহীন দুগৰাকী ভাৰতীয় সেনা জোৱান

0 155

বিগত পোন্ধৰ দিনে সন্ধানহীন হৈ আছে ভাৰতীয় সেনাৰ দুগৰাকী জোৱান। অতি স্পৰ্শকাতৰ দেশৰ চীন সীমান্তত নিয়োজিত হৈ থকা জোৱান দুগৰাকী সন্ধানহীন হৈ পৰাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কি পৰিস্থিতিত জোৱান দুজন হেৰাই থাকিল তাক লৈ সেনাই স্পষ্ট তথ্য প্ৰকাশ নকৰাৰ পৰিপ্ৰেক্ষিতত সন্দেহ অধিক ঘণীভূত হৈছে। তাৎপৰ্যপূৰ্ণ কথা যে, অৰুণাচল সীমান্তত প্ৰায়েই চীনৰ সৈন্যবাহিনী পিএলএই আগ্ৰাসন কৰি আহিছে। সময়ে সময়ে অৰুণাচলৰ স্থানীয় যুৱকসকলৰ আটক কৰি লৈ যোৱা চীনা সৈন্যৰ দুষ্কাৰ্যক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈ আহিছে বিভিন্ন সময়ত। এতিয়া সন্দেহ হৈছে যে, চীনা সৈন্যই ভাৰতীয় সেনাৰ জোৱান দুগৰাকীক অপহৰণ কৰিব পাৰে। এই সম্পৰ্কত ভাৰতীয় সেনাৰ মৌনতা তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

  

 উল্লেখ্য যে, বিগত ১৫ দিনে জোৱান দুগৰাকী সন্ধানহীন হৈ থকা বুলি প্ৰকাশ পাইছে। জোৱান দুগৰাকী সপ্তম গাড়ৱাল ৰাইফলছ জোৱান আছিল। উত্তৰাখণ্ডৰ এই জোৱান দুগৰাকী হৰেন্দ্ৰ নেগী আৰু প্ৰকাশ সিং ৰাণা বুলি সদৰি কৰা হৈছে। বিগত ২৮ মে’ৰ পৰাই জোৱান দুগৰাকী সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে।

প্ৰকাশ সিং ৰানাৰ পত্নী মমতা ৰানাৰ লগত এই সন্দৰ্ভত সংবাদ মাধ্যমে কথা পতাত তেওঁ ভালেমান তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে, সেনাৰ তৰফৰ পৰা তেওঁলোকক ২৯ মে’ত জনোৱা হৈছিল যে, ২৮ মে’ত তেওঁৰ স্বামী সন্ধানহীন হৈ পৰিছে। আনহাতে ৯ জুনত তেওঁলৈ দ্বিতীয়টো ফোনকল কৰে সেনাৰ ফালৰ পৰা। তেতিয়াই দুয়োগৰাকী সেনা জোৱান সন্ধানহীন হোৱাৰ কথা সদৰি কৰে আৰু কয় যে, জোৱান দুজন নৈত উটি যোৱা বুলি সন্দেহ কৰা হৈছে। সংবাদ মাধ্যমৰ আগত এইকথা প্ৰকাশ কৰে মমতাই। মমতাই তেওঁৰ দুই নাবালক সন্তান ১০ বছৰীয়া অনুজ আৰু ৭ বছৰীয়া অনামিকাক বুকুত বান্ধি পোন্ধৰ দিনে অনিশ্চয়তাৰে অপেক্ষা কৰি আছে প্ৰকাশক। ইফালে, হৰেন্দ্ৰ নেগীৰ পত্নী পুনম নেগীয়ে উল্লেখ কৰিছে যে, দুয়োগৰাকী সেনা জোৱান নৈৰ পাৰলৈ যোৱা আৰু কোনেও সেই বিষয়ে গম নোপোৱা কথাটো তেওঁ বিশ্বাস কৰিব পৰা নাই।

media school
Leave A Reply

Your email address will not be published.