ইউক্ৰেইন এৰি গুছি অহা ভাৰতীয় শিক্ষাৰ্থীক গ্ৰহণ কৰিব ৰাছিয়াই

0 146

ৰাছিয়া – ইউক্ৰেইন যুদ্ধই আজি ১১১ দিনত ভৰি দিলে। ইউক্ৰেইন এৰি গুছি অহা ভাৰতীয় শিক্ষাৰ্থীক গ্ৰহণ কৰিব ৰাছিয়াই। ভাৰতৰ দৃঢ় স্থিতিৰ প্ৰতি সন্মান প্ৰদৰ্শন ৰাছিয়াৰ। ৰাছিয়াৰ যুদ্ধত ইউক্ৰেইন এৰি অহা ভাৰতীয় শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিব পাৰিব ৰাছিয়াৰ বিশ্ববিদ্যালয়ত। কোনো শৈক্ষিক বৰ্ষ লোকচান নোহোৱাকৈ ৰাছিয়াৰ বিশ্ববিদ্যালয়ত পঢ়াৰ সুবিধা প্ৰদান ৰাছিয়াৰ।

দিল্লীস্থিত ৰাছিয়া দূতাবাসৰ ডেপুটি চীফ অৱ মিছন ৰোমান বাবুস্কিনে এই প্ৰস্তাৱ আগবঢ়ায়।২০ হেজাৰৰো অধিক শিক্ষাৰ্থীয়ে যিদৰে ইউক্ৰেইনত স্কলাৰশ্বীপ পাইছিল সেই একেই স্কলাৰশ্বীপ ৰাছিয়াই আগবঢ়াব। থিৰোৱন্তপুৰমত থকা ৰাছিয়ান হাউছৰ সঞ্চালক তথা ৰাছিয়ান ফেডাৰেচনৰ কনছূল ৰাথিছ চি নায়াৰে এই কথা প্ৰকাশ কৰে।

ৰাছিয়াই সকলো ভাৰতীয় শিক্ষাৰ্থীক শৈক্ষিক বৰ্ষ লোকচান নোহোৱাকৈ শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব। এজন ভাৰতীয় ছাত্ৰৰ ৰাছিয়াৰ আক্ৰমণত নিহত হৈছিল।আন এজন ভাৰতীয় ছাত্ৰ স্বাস্থ্যজনিত কাৰণত মৃত্যু হৈছিল।

media school
Leave A Reply

Your email address will not be published.