উত্তৰ প্ৰদেশত হিংসাত্মক ঘটনা সংঘটিত কৰা ৩৩৩ জনক গ্ৰেপ্তাৰ

0 114

উত্তৰ প্ৰদেশত বিগত ১০ জুনত প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনা সংঘটিত কৰিছিল একাংশ লোকে।উত্তৰ প্ৰদেশত এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা হৈছে ৩৩৩ জনক।ৰাজ্যখনৰ ৮ খন জিলাৰ বিভিন্ন ঠাইৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এইসকল লোকক।

ইতিমধ্যে ৯ খন জিলাত শিল দলিওৱা প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ১৩ খন এফ আই আৰ দাখিল কৰা হৈছে। প্ৰয়াগৰাজ, ছাহাৰানপুৰ, হাথ্ৰাছ, আম্বেদকাৰ নগৰ, মোৰাদাবাদ, ফিৰোজাবাদ, আলীগড় , লক্ষীমপুৰ খেৰী আৰু জালাউনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে দুষ্কৃতিকাৰীক।

আইন শৃংখলাৰ দায়িত্বত থকা এডিজিপি প্ৰশান্ত কুমাৰে কয় যে অধিক লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছেউল্লেখ্য যে বিজেপিৰ নিলম্বিত মুখপাত্ৰ নূপুৰ শৰ্মাই হজৰত মহম্মদ সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰাৰ বিৰুদ্ধে ৰাজ্যখনৰ বিভিন্ন জিলাত মুছলমানসকলে প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছিল।

media school
Leave A Reply

Your email address will not be published.