পশ্চিমবংগ চৰকাৰ-কলকাতা আৰক্ষীলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাননী
- স্বৰ্গদেউ চ্যুকাফাক অপমান
- পশ্চিমবংগ চৰকাৰ-কলকাতা আৰক্ষীলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাননী
- এতিয়াও পলাতক পশ্চিমবংগৰ বিতৰ্কিত গৰ্গ চেটাৰ্জী
বৰ অসমৰ প্ৰতিষ্ঠাতা তথা সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ এগৰাকী অসমীয়া স্বৰ্গদেও চ্যুকাফাক অপমান কৰি এতিয়াও পলাতক হৈ আছে পশ্চিমবংগৰ বিতৰ্কিত গৰ্গ চেটাৰ্জী। নিজৰ বিতৰ্কিত কথা-বতৰাৰ লগতে অসম বিৰোধী মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰা গৰ্গ চেটাৰ্জীয়ে অসম আৰু অসমীয়াৰ বিৰুদ্ধে বহু কেইবাৰ বিতৰ্কিত মন্তব্য কৰাৰ বাবে ৰাজ্য জুৰি প্ৰতিবাদ পৰ্যন্ত সাব্যস্ত হৈছে।
চ্যুকাফাক অপমান কৰা এইগৰাকী গৰ্গ চেটাৰ্জীক বিচাৰি এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে এক জাননী জাৰি কৰিবলৈ বাধ্য হৈছে। অসমত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত অসম আৰক্ষীয়ে গৰ্গ চেটাৰ্জীক আটক কৰাৰ চেষ্টা কৰিছিল যদিও পশ্চিমবংগৰ আৰক্ষীয়ে সহযোগ কৰা নাই অসম আৰক্ষীক। যাৰ বাবে অসম আৰক্ষী ক্ৰাইম ব্ৰাঞ্চে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ বাধ্য হয়।
পলাতক হৈ থকা গৰ্গ চেটাৰ্জী আৰু ৰঞ্জন মজুমদাৰ নামৰ আন এজন ব্যক্তিক বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে বুধবাৰে পশ্চিমবংগ চৰকাৰ আৰু কলকাতা আৰক্ষী আয়ুক্তলৈ জাননী জাৰি কৰিছে। উল্লেখ্য যে অসম আৰক্ষীক সহযোগ নকৰাৰ বাবে অসম আৰক্ষীৰ গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চে নিজাববীয়াকৈ ৰুজু কৰিছিল এক গোচৰ।