পুনৰ বানৰ কবলত সমগ্ৰ ৰাজ্য

0 65
  • বানৰ কবলত ৰাজ্য
  • ১৮ জিলাৰ ৩৭ ৰাজহ চক্ৰৰ ৭৪,১১৬ লোক বানত আক্ৰান্ত
  • ২৪ ঘণ্টাতেই ৬৪ টা পথৰ লগতে দ্বিতীয়টো বানত উটি গ’ল ১৯ টা আন্ত:গাঁথনি

যোৱা কিছুদিন ধৰি ৰাজ্যত হোৱা অভাবনীয় বৰষুণৰ ফলত অকল গুৱাহাটী মহানগৰী বুলিয়েই নহয়, এতিয়া সমগ্ৰ ৰাজ্যই দ্বিতীয়টো প্ৰলয়ংকাৰী বানৰ কবলত পৰিছে ৷ আনকি প্ৰথমটো বানৰ তুলনাত এইবাৰৰ দ্বিতীয়টো বানে ৰাজ্যৰ সৰ্বত্ৰ সৰ্বগ্ৰাসী ৰূপ ধাৰণ কৰি চাৰিওফালে যেন বিভীষিকাময় প্ৰলয়ৰ সূচনা কৰিছে৷

বাৰিষাৰ এই দ্বিতীয়টো বানৰ এই সৰ্বগ্ৰাসী ৰূপৰ বাবেই বিগত মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতেই বান আৰু খহনীয়াই ৬৪ টা বিভিন্ন পথসহ ১৯ টা আন্ত:গাঁথনিমূলক কাম বা আচনি উটুৱাই নি্য়ে ৷ বুধবাৰে নিশা অসম ৰাজ্যিক দূৰ্যোগ প্ৰশমন প্ৰাধিকৰণে সদৰি কৰা তথ্য অনুসৰি, সম্প্ৰতি মানাহ নদীৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ আছে ৷  ইফালে ৰাজ্যৰ ৩৫ খন জিলাৰ ভিতৰত ক্ৰমে, বজালী, বাক্সা, বঙাইগাঁও, চিৰাং, দৰং, ধেমাজী, ডিব্ৰুগড়, ডিমা হাচাও, গোৱালপাৰা, হোজাই, কামৰূপ, কামৰূপ মহানগৰ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, নলবাৰী, তামুলপুৰ আৰু ওদালগুৰি জিলাসহ মুঠ ১৮ খন জিলাই বানৰ কবলত পৰিছে ৷ এই ১৮ জিলাৰ ৩৭ খন ৰাজহ চক্ৰৰ ৩১৪ খন গাঁও সম্পূৰ্ণৰূপে বানৰ পানীত বুৰ গৈ আছে ৷  ইফালে এই ৩১৪ খন গাঁৱৰ ৩৪,৬৯৩ জন পুৰুষ, ২৮,৫৭২ জন মহিলা আৰু ১০,৮৫১ টা শিশুসহ মুঠ ৭৪,১১৬ জন লোক বানত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে ৷ এই গাঁৱৰ ১৭৩১.১৮ হেক্টৰ কৃষিভূমি দ্বিতীয়টো বানে সম্পূৰ্ণৰূপে নষ্ট কৰিছে ৷ একেদৰে এই বানত কবলত মুঠ সৰুবৰ ৫১,২০৬ টা পশুধন আক্ৰান্ত হৈছে ৷

আনহাতে বাৰিষাৰ দ্বিতীয়টো বানৰ কবলত পৰি বুধবাৰৰ দিনটোত বজালী জিলাত এটা, দৰং জিলাত তিনিটা, নলবাৰী জিলাত দুটা আৰু তামুলপুৰ জিলাত সাতটাসহ মুঠ ১৯ টা আন্ত:গাথনিমূলক কাম বানে উটুৱাই নিয়ে ৷  আনহাতে বজালী জিলাত দুটা, বাক্সা জিলাত ৭টা, বৰপেটা জিলাত ৬ টা, বঙাইগাঁও জিলাত ১৮ টা, কাচাৰ, দৰং জিলাত এটাকৈ, চিৰাং জিলাত ৪ টা, ধেমাজী জিলাত ২ টা, গোৱালপাৰা জিলাত ৭ টা, কামৰূপ জিলাত ৬ টা, লখিমপুৰ জিলাত ২টা, নলবাৰী জিলাত ৬ টাসহ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে ৬৪ টা পথ বানে খহাই নিয়ে ৷ এনেদৰে জিলাকেইখনত বানে ২৪ ঘণ্টাৰ ভিতৰতে বানত ৬৪ টাকৈ পথ বানত উটি যোৱাৰ ফলত সেই অঞ্চলবোৰত কি অভাবনীয় পৰিস্থিতি বিৰাজ কৰিছে সেয়া বৰ্ণনাতীত ৷ এনেদৰেই বাৰিষাৰ দ্বিতীয়টো বানে সম্প্ৰতি বৰ্ণনাতীত বিভীষিকাময় পৰিবেশৰ সৃষ্টি কৰিছে ৷ যাৰ মাজতেই বানাক্ৰান্ত ৰাইজে জীয়াই থকাৰ বাবেও মহাসংগ্ৰামত চামিল হৈছে৷

Leave A Reply

Your email address will not be published.