ৰাজ্যৰ ৩২ খন জিলাত অপৰিবৰ্তিত বান পৰিস্থিতি
- ৰাজ্যত অপৰিবৰ্তিত বান পৰিস্থিতি
- খোৱা পানী- খাদ্যৰ অভাৱত অৱৰ্ণনীয় অৱস্থা
১২১ ৰাজহ চক্ৰৰ ৫৫৭৭ গাঁও এতিয়াও পানীত তলত.ক্ষতিগ্ৰস্থ ৫৫.৪২ লাখ লোক, নষ্ট ১ লাখ হেক্টৰ কৃষিভূমি, ২৪ ঘণ্টাত পুণৰ ৭ জনৰ মৃত্যু, চলিত বানত মৃতকৰ সংখ্যা ৯০ জনলৈ বৃদ্ধি, এদিনতে পুনৰ উটি গ’ল ৩১৬ টা পথ-২০ খন দলং। ৰাজ্যৰ বানৰ কবলত পৰা ৩২ খন জিলাত এতিয়াও অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি ৷ বানৰ পানী কিছু হ্ৰাস পাইছে যদিও বন্যাৰ্তৰ দুৰ্যোগৰ অন্ত পৰা নাই ৷ কাজেই যেন কেনিও কতো নাই আশাৰ ৰেঙনি ৷ চাৰিওফালে মাথোঁ হাহাকাৰ আৰু আৰ্তজনৰ অসহায় বিননি ৷ ক’ৰবাত যদি বানে ঘৰ মাটি উটুৱাই নিয়া জনৰ আৰ্ত চিৎকাৰ, ক’ৰবাত আকৌ কালান্তক বানে আপোন জনক উটুৱাই নিয়া লোকৰ বুকুভগা ক্ৰন্দন ৷ ক’ৰবাত সৰ্বস্ব হেৰুৱাই উদাস, ৰিক্ত হৈ বোবা হুমুনিয়াহৰ চেঁচা নিশ্বাস ৷
কালান্তক বানে যে অকল মানুহৰ ঘৰ দুৱাৰ কিম্বা কৃষি পথাৰ উছন কৰিছে তেনে নহয়, এইবাৰৰ বানত সৰ্বাধিক ক্ষতিগ্ৰস্থ হৈছে ৰাজ্যৰ উন্নয়নমূলক কাম আন্ত:গাথনি ৷ প্ৰতিদিনে বানে উটুৱাই নিছে দলং, খহাই নিছে ৰাষ্টা ঘাট কিম্বা মথাউৰি আদি ৷ ফলত ৰাজ্যৰ সামগ্ৰিক অৰ্থনীতিত কিমান প্ৰভাৱ পৰিব সেয়া এতিয়াই অনুমান কৰাই অসম্ভব হৈ পৰিছে ৷ ইফালে ৰাজ্যত এতিয়াও বৰষুণৰ পৰিমান কমা নাই ৷ বৰং ৰাজ্যৰ বহু জিলাত দৈনিক বৃদ্ধি পাইছে বৰষুণৰ পৰিমান ৷ অকল ৰাজ্যখনতেই নহয়, বিপদ মাতিছে চুবুৰীয়া ৰাজ্য আৰু ভূটান ৰাষ্ট্ৰত হোৱা প্ৰৱল বৰষুণে ৷ চুবুৰীয়া মেঘালয়, অৰুণাচল প্ৰদেশ আদি ৰাজ্যত হোৱা বৰষুণৰ পানীয়ে ইতিমধ্য ৰাজ্যৰ বহু জিলাত মৃত্যু দূতৰ ৰূপত অৱতীৰ্ণ হোৱা দেখা গৈছে ৷ আনহাতে এইবাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ ৬০ মেগাৱাটৰ জলবিদ্যুৎ প্ৰকল্প কুৰিশ্বু বান্ধৰ পৰা এৰি দিয়া অতিৰিক্ত পানীয়ে নামনি অসমত ইমানেই ভয়ংকৰ ৰূপ লৈছে যে এতিয়া নামনি অসমৰ বহু জিলাত আশ্ৰয় গ্ৰহণ কৰাৰ বাবে ওখ স্থান বিচাৰি স্বয়ং স্থানীয় প্ৰশাসনেই হাহাকাৰ কৰিব লগা হৈছে ৷ প্ৰতিদিনে নতুন নতুন অঞ্চল বানৰ পানীত বুৰ গৈ থকাত নামনি অসমৰ বজালী, বৰপেটা, বঙাইগাঁও, নলবাৰী, চিৰাং, বাক্সা আদি জিলাত অবৰ্ণনীয় পৰিস্থিতি সৃষ্টি হৈছে ৷ জিলা কেইখনৰ বহু চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়, শিক্ষানুস্থান আদি বন্ধ ঘোষণা কৰিব লগা হৈছে ৷ আটাইতকৈ জটিল ৰূপ লৈছে বানত ক্ষতিগ্ৰস্ত হোৱা ৰাষ্ট্ৰীয় পথ কিম্বা গড়কাপ্তানী পথ ৰক্ষাৰ বাবে এতিয়া স্থানীয় প্ৰশাসনে যাতায়াত বন্ধ কৰিব লগা হৈছে ৷ অৱশ্যে বহু পথত নিৰাপত্তাজনিত কাৰণতো যাতায়াত বন্ধ কৰিব লগা হৈছে ৷ স্বাভাবিকতে ইয়াৰ ফলত খাদ্য সামগ্ৰীৰ পৰা আন আন বহু সমস্যাৰো সৃষ্টি হৈছে ৷ মুঠতে সাম্প্ৰতিক বানপানীয়ে ৰাজ্যৰ ৩২ খন জিলাতেই অভাবনীয় ভয়ংকৰ পৰিবেশৰ সৃষ্টি কৰিছে ৷ চলিত কালান্তক বানে এইবাৰ ঘাতক ৰূপ ধাৰণ কৰি প্ৰতিদিনে যিদৰে মানুহৰ প্ৰাণ কাঢ়ি নিছে, সেয়াই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰাই নহয়, সৰ্বত্ৰ বিভীষিকাৰ সৃষ্টি কৰিছে ৷ দেওবাৰে ৰাজ্যত ১০ জনকৈ লোকৰ প্ৰাণ কালান্তক বানে কাঢ়ি নিয়াৰ পিছত সোমবাৰে পুণৰ ১১ জন আৰু মংগলবাৰে পুনৰ ৭ জন লোকৰ প্ৰাণ কাঢ়ি নিয়ে কালান্তক বানে ৷ ইয়াৰ ফলত ৰাজ্যত চলিত বৰ্ষৰ এটা মাহতে হোৱা দুটাকৈ বানত এই পৰ্যন্ত বানৰ পানীত পৰি মৃত্যু হোৱা লোকৰ সংখ্যা ৯০ জনলৈ বৃদ্ধি পায় ৷ ইফালে সোমবাৰ পৰ্যন্ত ৰাজ্যত বানৰ পানীত পৰি সন্ধানহীন হৈ আছে ৭ জনকৈ লোক ৷ উল্লেখ্য যে, মংগলবাৰৰ নিশা অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমণ প্ৰাধিকৰণে সদৰি কৰা ৰাজ্যৰ বান পৰিস্থিতিৰ শেহতীয়া তথ্য অনুসৰি, মংগলবাৰ পৰ্যন্ত ৰাজ্যৰ ৩৫ খন জিলাৰ ৩২ খন জিলাই কালান্তক বানৰ কবলত পৰিছে ৷
ইফালে নিশা পৰ্যন্ত ৰাজ্যখনৰ প্ৰধান নদী ক্ৰমে বেকী, পাগলাদিয়া, পুঠিমাৰি, কপিলীৰ লগতে ধুবুৰী, গোৱালপাৰা, গুৱাহাটী আৰু তেজপুৰত ব্ৰহ্মপুত্ৰৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ আছে ৷ ৰাজ্যৰ ৩৩ জিলা ক্ৰমে বজালী, বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কাচাৰ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা-হাচাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, হোজাই, কামৰূপ, কামৰূপ মহানগৰ, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, দক্ষিণ শালমাৰা, তামুলপুৰ, তিনিচুকীয়া আৰু ওদালগুৰি জিলা বানত বুৰ গৈ অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে ইয়াৰ সৰ্বস্তৰৰ জনতা ৷ এই ৩২ খন জিলাৰ ১২১ ৰাজহ চক্ৰৰ ৫৫৭৭ খন গাঁৱৰ ২২,৮৬,১৩৮ জন পুৰুষ, ১৯,৫৪,৬৮৩ জন মহিলা আৰু ১৩০১২৩২ টা শিশুসহ সৰ্বমুঠ ৫৫৪২০৫৩ জন লোক বিভিন্ন ধৰণেৰে বানত ক্ষতিগ্ৰস্ত হৈছে ৷ আনহাতে মংগলবাৰ পৰ্যন্ত ৰাজ্যৰ বানৰ কবলত পৰা ৩২ খন জিলাৰ ১০৮৩০৬.১৮ হেক্টৰ কৃষি ভূমি বানত সম্পুৰ্ণৰূপে উছন হয় ৷ ৰাজ্যত বৰ্তমানলৈ বানাক্ৰান্তৰ বাবে ৮৬৩ টা আশ্ৰয় শিবিৰ আৰু ৮২৫ টা সাহায্য শিবিৰসহ মুঠ ১৬৮৭ টা শিবিৰ স্থাপন কৰা হৈছে ৷ এই আশ্ৰয় শিবিৰত বৰ্তনমানলৈ সৰ্বমুঠ ২,৬২,১৫৫ জন বানাক্ৰান্ত লোক আশ্ৰয় লৈ আছে ৷ ৰাজ্যৰ এই কালান্তক বানে মংগলবাৰৰ দিনটোত কাচাৰ, ডিব্ৰুগড়, হাইলান্দি, হোজাই, কামৰূপ, লখিমপুৰ জিলাত এজনকৈ আৰু দৰং জিলাত তিনিজন আৰু নগাঁও জিলাত দুজনসহ মুঠ ৭ জন লোকৰ প্ৰাণ কাঢ়ি নিয়ে ৷ মৃত্যু হোৱা সকলৰ ৪ জন পুৰুষ আৰু ৩ টা শিশু ৷ ইফালে মংগলবাৰে কামৰূপ জিলাত দুজনসহ মুঠ ১ জন লোক সন্ধানহীন হৈ আছে ৷ দিনটোত ৰাজ্যৰ বিভিন্ন জিলাত কেঁচা পকা সহ মুঠ ৩৬৪ টা গৃহ ক্ষতি সাধন হয় ৷ আনহাতে দিনটোত বৰপেটা জিলাত ৫৩ টা, বিশ্বনাথ জিলাত এটা, বঙাইগাঁও জিলাত ৮ টা, কাচাৰ জিলাত ২ টা, চিৰাং জিলাত ৩ টা, দৰং জিলাত ৬৯ টা, ধেমাজি জিলাত ১ টা, ধুবুৰী জিলাত ৪ টা, গোৱালপাৰা জিলাত ২৬ টা, হাইলাকান্দি জিলাত ৫ টা, হোজাই জিলাত ১০ টা, কামৰূপ জিলাত ৯ টা, কোকৰাঝাৰ জিলাত ১১ টা, লখিমপুৰ জিলাত ১০ টা, মৰিগাঁও জিলাত ৮ টা, নগাঁও জিলাত ৫১ টা, নলবাৰী জিলাত৬৯ টা, শোণিতপুৰ জিলাত ৫ টা আৰু তামুলপুৰ জিলাত ৪ টা সহ মুঠ ৩৪৯ টা পথ উটি যায় ৷ আনহাতে দিনটোত মুঠ ১৬ খন দলং উটি যোৱাত সেই অঞ্চলেৰে যাতায়াত বন্ধ হৈ পৰিছে ৷ ইফালে ধনশ্ৰী নদীত কালিৰে পৰা হঠাৎ বৃদ্ধি হোৱা বাঢ়নী পানীয়ে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ৰাষ্টীয় উদ্যানখনৰ প্ৰায় ৮০ শতাংশ অঞ্চল বানপানীয়ে বুৰাই পেলাইছে৷ উদ্যানখনৰ দক্ষিণে ব্ৰহ্মপুত্ৰ নৈ, ধনশ্ৰী নৈৰ লগতে পাছনৈৰ বাঢ়নি পানী উদ্যানখনৰ ভিতৰত প্ৰৱেশ কৰাত বন্য জীৱ-জন্তুৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। অৱশ্যে ইতিমধ্যে বহু বন্য জীৱ-জন্ত ওখ নিৰাপদ স্থানত আশ্ৰয় লৈছে৷ বানপানীৰ মাজতো বনকৰ্মীসকলে অতি কষ্টৰে ৰাষ্টীয় উদ্যোগৰ বন্য জীৱ-জন্তু সমূহৰ পহৰা দিছে৷ উদ্যানখনৰ সকলো বন শিবিৰ জলমগ্ন হৈ পৰিছে৷ উদ্যানখনৰ ৰৌমাৰী আৰু খয়ৰাচালি, বালিকেম্পত ৭ ফুট, ৮ফুট পৰ্যন্ত পানী উফন্দি উঠিছে ৷ এনে প্ৰতিকূল পৰিস্থিতিৰ মাজতো ৰাষ্ট্ৰীয় উদ্যানখনৰ বনকৰ্মীসকলে এশিঙীয়া গঁড়কে ধৰি অন্যান্য বন্য জীৱ-জন্ত সমূহ চোৰাং চিকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ নাঁৱেৰে কৰ্তব্য পালন কৰা পৰিলক্ষিত হৈছে। জানিব পৰা মতে কালিৰে পৰা ধনশ্ৰী নৈৰ পানী হঠাৎ বৃদ্ধি পোৱাত উদ্যানখনৰ পূৱ প্ৰান্তৰ কেইবাটাও বন শিবিৰত ভয়ানক ভাৱে পানী বৃদ্ধি পাইছে৷ উদ্যানখনৰ প্ৰায় ৩০ টা বন শিবিৰ বানৰ কৱলত পৰিছে বুলি উদ্যান কতৃপক্ষই জনায়৷