মহাৰাষ্ট্ৰত বৃহৎ পৰিৱৰ্তনৰ সম্ভাৱনা

0 105

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই আজি সন্ধিয়া এটা বৃহৎ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে।মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই আজি সন্ধিয়াৰ ভাগলৈ পদত্যাগ কৰাৰ প্ৰস্তাৱ দিব পাৰে।থাকৰেই প্ৰথমে তেওঁৰ বাকী থকা বিধায়ক আৰু সাংসদসকলক সাক্ষাৎ কৰিব আৰু তেওঁলোকক তেওঁৰ স্থিতিৰ বিষয়ে ব্যাখ্যা কৰিব।

শিৱসেনাৰ মুৰব্বী তথা ত্ৰিদলীয় চৰকাৰখনৰ মূল গুৰি ধৰোঁতা গৰাকীয়ে এটা ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে এনচিপিৰ সভাপতি শৰদ পাৱাৰৰ সৈতে এখন ব্যক্তিগত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিব। মুখ্যমন্ত্ৰী থাকৰেই  পৰিস্থিতি স্পষ্ট কৰিবলৈ কংগ্ৰেছ দলৰ নেতা বালাচাহেব থোৰাটৰ সৈতেও কথা পাতিব।থাকৰেৰ এই ডাঙৰ সিদ্ধান্ত তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাটোৱেই হোৱাৰ সম্ভাৱনা আছে। শাৰদ পাৱাৰক সাক্ষাৎ কৰাৰ  পাছতে  তেওঁ এই সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।কংগ্ৰেছৰ সূত্ৰই সদৰি কৰিছে যে, মহাৰাষ্ট্ৰ চৰকাৰ সংখ্যালঘু হৈ আহিছে আৰু দল ইয়াৰ বিষয়ে অৱগত।মহাৰাষ্ট্ৰৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিক লৈ শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে মহাৰাষ্ট্ৰ বিধানসভা ভংগ কৰাৰ ইংগিত দিছে।

সঞ্জয় ৰাউতে টুইট কৰিছিল যে মহাৰাষ্ট্ৰত চলি থকা ৰাজনৈতিক সংকট বিধানসভা ভংগৰ দিশে আগবাঢ়িছে।এনে পৰিস্থিতিত শীঘ্ৰেই মহাৰাষ্ট্ৰৰ ৰাজনীতিত ব্যাপক পৰিৱৰ্তনৰ ইংগিত পোৱা গৈছে। এতিয়া কোনে ৰাজ্যখনৰ চৰকাৰৰ চালকৰ আসনত বহিব তাক লৈ এতিয়া জল্পনা কল্পনা চলিছে।

Leave A Reply

Your email address will not be published.