এমাহ পলমকৈ হ’ব মেট্ৰিক পৰীক্ষা, ছেবাই ঘোষণা কৰিলে প্ৰ-পত্ৰ পূৰণৰ দিন

0 713

ছেবাই ঘোষণা কৰিছে ২০২১ বর্ষৰ হাইস্কুল আৰু হাইমাদ্রাছা পৰীক্ষাৰ প্র–পত্র পূৰণৰ দিন ।

ক’ভিডৰ আতংকৰ মাজেৰে আগন্তুক মেট্ৰিক পৰীক্ষা সুচাৰুৰূপে সম্পূর্ণ কৰিবলৈ সাজু হৈছে অসম মাধ্যমিক শিক্ষা পৰিষদ ৷

ক’ৰনা আতংকৰ বাবে এইবাৰ এমাহ পলমকৈ আৰম্ভ হ’ব প্র–পত্র পূৰণৰ প্রক্রিয়া৷ ছেবাই জাৰি কৰা জাননী অনুসৰি অহা ২ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰৰ ভিতৰত পৰীক্ষার্থীসকলে অনলাইনৰ জৰিয়তে কৰিব লাগিব প্র–পত্র পূৰণৰ কাম ৷

ছেবাৰ ৱেবছাইট www.sebaonline.org ত লগ-ইন কৰি ২০২১ বর্ষৰ পৰীক্ষার্থীসকলে প্র–পত্র পূৰণ কৰিব পাৰিব ।

আনহাতে, ক’ভিডৰ বাবে পূর্বতকৈ কিছু পলমকৈ অনুষ্ঠিত হ’ব ২০২১ বৰ্ষৰ মেট্ৰিক পৰীক্ষা৷

ক’ভিড প্রট’কলৰ সকলো নীতি–নিয়ম মানি মার্চৰ প্রথম সপ্তাহৰ পৰা হাইস্কুল আৰু হাইমাদ্রাছা পৰীক্ষা অনুষ্ঠিত হ’ব বুলি সদৰী কৰিছে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্র জৈনে৷

Leave A Reply

Your email address will not be published.