লিমকা বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰিলে বঙাইগাঁৱৰ যুৱক প্ৰসেনজিৎ নাৰায়ণ দেৱে

0 4,808

বঙাইগাঁওবাসীৰ বাবে সুখবৰ। বঙাইগাঁৱৰ যুৱকে নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হ’ল লিমকা বুক অৱ ৰেকৰ্ডছত।

ফুৱেল টেংকত থিয় হৈ আটাইতকৈ দীঘল যাত্ৰা কৰাৰ বাবেই এই সন্মান লাভ কৰিবলৈ সক্ষম হয়।

বিএছএফ জনবাজ ডেয়াৰডেভিল মটৰ চাইকেল দলৰ সদস্য প্ৰসেনজিৎ নাৰায়ণ দেৱে ৫৯.১ কিলোমিটাৰ অতিক্ৰম কৰে ১ ঘন্টা ৪০ মিনিট ০৬ ছেকেণ্ডত।

বিৰতি নোহোৱাকৈ দীৰ্ঘসময়ৰ বাবে ‘ৰয়েল এনফিল্ড ৩৫০চিচি’ মটৰচাইকেল চলাই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে প্ৰসেনজিতে।

media school
Leave A Reply

Your email address will not be published.