৯০ কোটি টকাৰ ব্যয়েৰে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন মন্ত্ৰী পিযুষ হাজৰীকাৰ

0 2,698

জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত আগিয়াঠুৰীৰ পৰা গন্ধমৌলৈ প্ৰায় ৯০ কোটি টকা ব্যয়েৰে বহ্মপুত্ৰ নদীৰ পাৰত নিৰ্মীয়মান মথাউৰিটো আজি পৰিদৰ্শন কৰিলে মন্ত্ৰী পিযুষ হাজৰীকাই।নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে।মথাউৰিটো উন্নত মানদণ্ডৰে নিৰ্মাণ কৰা আৰু নিৰ্মাণ কাৰ্য ক্ষিপ্ৰতাৰে সম্পন্ন কৰাটো নিশ্চিত কৰিবলৈ জলসম্পদ বিভাগৰ বিষয়াসকলক নিৰ্দেশনা প্ৰদান কৰে পিযুষ হাজৰীকাই।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বানমুক্ত অসমৰ প্ৰতিশ্ৰুতিক সাৰ্থক ৰূপ দিবলৈ অসমৰ জলসম্পদ বিভাগ বদ্ধপৰিকৰ।উক্ত পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীৰ সৈতে জলসম্পদ বিভাগৰ মুখ্য অভিযন্ত্ৰা বৰসিং ৰংপি, মুখ্যমন্ত্ৰী ড°হিমন্তবিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰক্ষী বিষয়া হেমন্ত চৌধুৰী তথা জলসম্পদ বিভাগৰ বিষয়াসকলে সংগ দিয়ে।

media school
Leave A Reply

Your email address will not be published.