হয়বৰ গাঁও বৰ নামঘৰৰ ২০০ বছৰীয়া প্ৰতিষ্ঠা দিৱস অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা

0 154

“অসমত গুৰু দুজনাৰ জন্ম নোহোৱাহ’লে আমি বহুতো সাংস্কৃতিক উপাদানৰ পৰা বঞ্চিত হৈ ৰ’লোহেঁতেন”-মন্ত্ৰী হাজৰীকা

অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি নগাঁও জিলাৰ উত্তৰ হয়বৰগাঁও বৰনামঘৰৰ ২০০ বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ স্মৰণিকা উন্মোচন আৰু মুকলি সভা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে।অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰীগৰাকীয়ে বৰনামঘৰটোৰ ২০০ বছৰীয়া সমৃদ্ধ ইতিহাসক সশ্ৰদ্ধ স্মৰণ কৰাৰ লগতে স্থানীয় ৰাইজক অভিনন্দন জ্ঞাপন কৰে।সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ আৰু দামোদৰদেৱৰ দ্বাৰা প্ৰতিস্থিত নামঘৰ পৰৱৰ্তী সময়ত অসমৰ জাতীয় সংস্কৃতিৰ আধাৰ হৈ পৰা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনত নামঘৰৰ অতুলনীয় ভূমিকাৰ কথা বৰ্ণনা কৰে।

আনহাতে মহাপুৰুষ দুজনাৰ অৱদানৰ কথা উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে অসমত শংকৰদেৱ আৰু মাধৱদেৱৰ জন্ম নোহোৱা হ’লে ভাওনা, বৰগীত, ভটিমা, সত্ৰীয়া নৃত্য আদি বহুতো সাংস্কৃতিক উপাদানৰ পৰা আমি বঞ্চিত হ’বলগা হ’লহেঁতেন।অসমত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গুৰু দুজনাই প্ৰতিষ্ঠা কৰা নামঘৰত কোনো ধৰণৰ উচ্চ-নীচ আৰু ভেদভাৱৰ স্থান নাই বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে শংকৰদেৱ আৰু মাধৱদেৱে অসমীয়া সংস্কৃতিক সমৃদ্ধি কৰি যিমানখিনি অৱদান আগবঢ়াই গৈছে পৃথিৱীৰ বহু জাতিৰ মাজত সিমানখিনি চহকী সাংস্কৃতিক পৰম্পৰা দেখিবলৈকে পোৱা নাযায়।

Leave A Reply

Your email address will not be published.