”যুদ্ধৰ বাবে সাজু হোৱা”;নির্দেশ জিনপিঙৰ
ভাৰতৰ সৈতে সংঘাত চলি থকাৰ মাজতে ড্ৰেগ’ন সেনাক যুদ্ধৰ বাবে সাজু হ’বলৈ নিৰ্দেশ দিছে চীনৰ ৰাষ্ট্ৰপ্ৰধান ঝি জিনপিঙে।লাডাখত ভাৰতীয় সেনাই যুদ্ধংদেহি মনোভাৱেৰে অৱস্থান কৰি থকাৰ সময়তে চীনৰ ৰাষ্ট্রপতিয়ে পিএলএক সাজু হ’বলৈ নির্দেশ দিয়াৰ পিছতেই দুই দেশৰ মাজত এখন প্রত্যক্ষ যুদ্ধৰ সম্ভাৱনা প্রকট হৈছে৷লাডাখৰ এলএচিত শান্তি আৰু সুস্থিৰতা বর্তাই ৰখাৰ বাবে চীন–ভাৰতে সামৰিক আৰু কূটনৈতিক প্রয়াস চলাই থকাৰ সময়তে চীনৰ ৰাষ্ট্রপতি জিনপিঙৰ মন্তব্যই যুদ্ধৰ অশনি সংকেত দিছে৷
ভাৰত–চীনৰ সেনাৰ মাজত সংঘাতত লাডাখৰ এলএচিত সৃষ্ট অস্থিৰ বাতাৱৰণ ওভতাই অনাৰ লক্ষ্যৰে কালি দুয়ো দেশৰ সেনাৰ জ্যেষ্ঠ বিষয়াৰ বৈঠকত সীমান্তত উত্তেজনা হ্রাসৰ সহমতত উপনীত হোৱাৰ ২৪ ঘণ্টাৰ পিছতেই চীনৰ ৰাষ্ট্রপতি জিনপিঙে যুদ্ধৰ হুংকাৰ দিছে৷ উল্লেখ্য যে চীনৰ ৰাষ্ট্রপতি জিনপিঙে সেনাক যুদ্ধৰ বাবে সাজু হ’বলৈ নির্দেশ বাতৰিটো চীনৰ নিউজ এজেন্সী ঝিনহুৱাৰ আধাৰত আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশ পাইছে৷প্রকাশিত বাতৰি অনুসৰি কালি চীনৰ ৰাষ্ট্রপতি জিনপিঙে গুৱাংদং প্রদেশত থকা পিপল্ছ লিবাৰেচন আর্মী (পিএলএ)ৰ শিবিৰ পৰিদর্শন কৰে৷ গুৱাংদং প্রদেশৰ ছাউঝো চহৰৰ পিএলএৰ মেৰিন ক’ৰৰ শিবিৰ পৰিদর্শনৰ সময়ত ৰাষ্ট্রপতিগৰাকীয়ে সেনাক হাইএলার্ট হৈ থাকিবলৈ নির্দেশ দিয়াৰ সমান্তৰালকৈ যুদ্ধৰ বাবে দেহ–মন প্রস্তুত কৰিবলৈ নির্দেশ দিয়ে৷ দুই দেশৰ সেনাৰ জ্যেষ্ঠ বিষয়াৰ মাজত সাতবাৰকৈ বৈঠক অনুষ্ঠিত হ’লেও সীমান্তত এতিয়ালৈকে শান্তি ঘূৰি অহা নাই৷