কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে অসম তথা উত্তৰ পূৰ্বাঞ্চলবাসীৰ ওচৰত ক্ষমা খোজকঃ অতুল বৰা

0 354

কলিয়াবৰ লোকসভা সমষ্টি ভিত্তিত অগপৰ বিশাল কৰ্ম-কৰ্তা সন্মিলন

অসম গণ পৰিষদ দলে আগন্তুক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি বোকাখাতৰ নাট্য মন্দিৰ প্ৰাঙ্গনত কলিয়াবৰ লোকসভা সমষ্টি ভিত্তিত এখনি বিশেষ কৰ্মী অভিৱৰ্তন অনুষ্ঠিত কৰে।অভিৱৰ্তনত সভাপতিত্ব কৰে দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই।কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ডেৰগাওঁ, গোলাঘাট, খুমটাই, সৰুপথাৰ, বোকাখাত, কলিয়াবৰ, চামগুৰি, বটদ্ৰৱা, ধিং, ৰূপহীহাট বিধান সভা সমষ্টিৰ লগতে গোলাঘাট, নগাওঁ আৰু যোৰহাট জিলা পৰিষদৰ সভাপতি, সম্পাদককে প্ৰমুখ্য কৰি সমূহ বিষয়ববীয়া আৰু সদস্যসকলৰ লগতে দলৰ ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে।সভাত আগন্তুক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে বিশেষ ৰণকৌশল প্ৰস্তুত কৰা হয়।সভাত দলৰ সভাপতি অতুল বৰাই সকলো দলীয় কৰ্মীকে তৎপৰতাৰে সমাগত নিৰ্বাচনৰ বাবে সাজু হবলৈ আহ্বান জনাই কয় যে, দলটো অধিক শক্তিশালী কৰাৰ স্বাৰ্থত দলীয় কৰ্মকৰ্তাসকলক জনসংযোগ বৃদ্ধিৰে নিষ্ঠা আৰু সমৰ্পিত মনোভাবেৰে কাম কৰি যাব লাগিব।

বৰাই লগতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেই ভাৰতৰ উত্তৰ-পূবৰ অন্যতম অংগৰাজ্য নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰাৰ শেহতীয়া বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ শোচনীয় ব্যৰ্থতা ঢাকিবলৈ কৰা মন্তব্যক উত্তৰ-পূববাসীৰ বাবে অপমানসূচক হিচাপে গণ্য কৰি তীব্ৰ গৰিহণা দিয়ে আৰু মল্লিকাৰ্জুন খৰ্গেক উত্তৰ-পূববাসীৰ ওচৰত ক্ষমা খুজিবলৈ দাবী উত্থাপন কৰি কয় যে, উত্তৰ-পূবৰ প্ৰতি থকা অৱজ্ঞাৰ ভাবধাৰা ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে আৰু এতিয়াৰ কংগ্ৰেছ নেতাৰো মনত সেই ভাবধাৰা একেদৰেই প্ৰবাহিত হৈ আছে।কংগ্ৰেছক প্ৰতিহত কৰাৰ স্বাৰ্থত মাৰ বান্ধি কংগ্ৰেছৰ বিৰুদ্ধে থিয় হ’বলৈ দলৰ কৰ্মকৰ্তাসকলক আহ্বান জনা।সভাত কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই কয় যে, কৰ্মীসকলৰ কৰ্মস্পৃহা আৰু পৰিকল্পনাৰ ওপৰতেই দলৰ সফলতা নিৰ্ভৰ কৰে।

Leave A Reply

Your email address will not be published.