শুক্লাই নদীৰ মথাউৰিৰ মেৰামতি আৰু নিৰ্মাণকাৰ্য পৰিদৰ্শন মন্ত্ৰী পিযুষ হাজৰীকাৰ

1 843

তামুলপুৰ সমষ্টিৰ অন্তৰ্গত ভোলাঝাৰ অঞ্চলত শুক্লাই নদীৰ বাঢ়নী পানীয়ে চিগা মথাউৰি অংশৰ মেৰামতি আৰু মথাউৰি ওখ তথা শক্তিশালী কৰাৰ কাম সম্প্ৰতি অব্যাহত আছে।প্ৰায় ৪.৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা কামৰ আজি পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ ল’লে মন্ত্ৰী পিযুষ হাজৰীকাই।শুক্লাই নদীৰ মথাউৰিৰ মেৰামতি আৰু নিৰ্মাণকাৰ্য ক্ষীপ্ৰতাৰে সমাপণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে।

এই পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে বিধায়ক দিগন্ত কলিতা, বিধায়ক জলেন দৈমাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য ৰণিন নাৰ্জাৰী, তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ দাস, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা, মুখ্য অভিযন্তা (মান নিয়ন্ত্ৰণ) আৰু বিভাগীয় বিষয়াবৰ্গ।

media school
1 Comment
  1. শুক্লাই নদীৰ মথাউৰিৰ মেৰামতি আৰু নিৰ্মাণকাৰ্য পৰিদৰ্শন মন্ত্ৰী পিযুষ হাজৰীকাৰ

Leave A Reply

Your email address will not be published.