“32nd All Assam Inter District Artistic Gymnastic Championship”ৰ উদ্বোধনী অনুষ্ঠান

0 636

নগাঁও পুলিছ ৰিজাৰ্ভৰ প্ৰেক্ষাগৃহত অসম জিমনাষ্টিক সন্থাই আয়োজন কৰা “32nd All Assam Inter District Artistic Gymnastic Championship” (MAG & WAG)ৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মন্ত্ৰী পিযুষ হাজৰীকাই। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰতিখন জিলাৰে প্ৰতিযোগী সকলক শুভ কামনা জ্ঞাপন কৰে মন্ত্ৰী গৰাকীয়ে।

অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে “মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী পদক্ষেপৰ ফলশ্ৰুতিত বৰ্তমান অসমত ক্ৰীড়াৰ আন্তঃগাথঁনিৰ বিস্তৰ উন্নয়ন হোৱাৰ লগতে অসমৰ খেলুৱৈ সকলে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বিভিন্ন প্ৰতিযোগিতাত অসমৰ নাম উজ্বলাবলৈ সক্ষম হৈছে।”

অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক তথা অসম জিমনাষ্টিক সন্থাৰ সভাপতি ৰূপক শৰ্মা,কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, নগাঁও জিলাৰ উপায়ুক্ত, যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ, বিশিষ্ট ক্ৰীড়া সংগঠকদ্বয় প্ৰদীপ হাজৰীকা আৰু উজ্জ্বল বৰুৱা তথা বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।

media school
Leave A Reply

Your email address will not be published.