ভাৰতীয় সেনা প্ৰধান মনোজ মুকুন্দ নাৰাভানেক ‘জেনেৰেল অৱ নেপালী আৰ্মী’ সন্মান

0 852

ভাৰত-নেপালৰ মাজত অব্যাহত আছে তীব্ৰ সংঘাত।
নেপালে ভাৰতৰ লিপুলেখ, কালাপানী আদি অঞ্চল সামৰি নতুন মানচিত্ৰ প্ৰকাশ কৰাৰ পিছতে অৱনতি ঘটিছিল ভাৰত-নেপাল সম্পৰ্কৰ ।

ইয়াৰ মাজতে নেপাল চৰকাৰে ভাৰতৰ সেনা প্ৰধান মনোজ মুকুন্দ নাৰাভানেক সন্মানিত কৰিব ‘জেনেৰেল অৱ নেপালী আৰ্মী’ সন্মানেৰে ।

নেপালৰ ৰাষ্ট্ৰপতি বি্দ্যা দেৱী ভাণ্ডাৰীয়ে ভাৰতৰ সেনা প্ৰধান গৰাকীক এই সন্মান প্ৰদান কৰিব বুলি নেপাল চৰকাৰে প্ৰকাশ কৰিছে।নৱেম্বৰ মাহত নেপাললৈ ৰাওনা হ’ব ভাৰতৰ সেনা প্ৰধান গৰাকী।

শেহতীয়াভাৱে ভাৰতৰ সৈতে সীমা বিবাদক লৈ নেপালে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰাও পৰিলক্ষিত হৈছে।
এনেবোৰ পৰিস্থিতিৰ মাজতে নেপালে ভাৰতৰ সেনা প্ৰধানক নেপালী সেনাৰ জেনেৰেল হিচাবে সন্মানিত কৰিবলৈ ওলোৱাৰ কথা বিশেষ তাৎপৰ্য বহন কৰিছে।


media school
Leave A Reply

Your email address will not be published.