কাছাৰ জিলাত জলসম্পদ বিভাগৰ কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

1 284

বৰাক উপত্যকা ভ্ৰমণলৈ অহা অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই আজি দ্বিতীয় দিনা কাছাৰ জিলাৰ কেইবাটাও স্থানত জলসম্পদ বিভাগে কৰি থকা বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ লয়।
প্ৰথমতে মন্ত্ৰীগৰাকীয়ে বৰাক নদীৰ বাওকাষে বদ্ৰীঘাট অঞ্চলত মথাউৰি মেৰামতিৰ কাম পৰিদৰ্শন কৰি বেটুকান্দি অঞ্চলত উপস্থিত হয়।উল্লেখ্য যে বিগত বৰ্ষত এই অঞ্চলতে মথাউৰি চিঙি শিলচৰত বানৰ সৃষ্টি কৰিছিল।ইতিমধ্যেই অঞ্চলটোত এখন শ্লুইচ গেট নিৰ্মাণ আৰু প্ৰায় ৭০০ মিটাৰ অংশৰ মথাউৰি ওখ আৰু পুনৰ নিৰ্মাণৰ কাম কৰি থকা হৈছে।আজিৰ পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে শ্লুইচ গেটৰ লগতে প্ৰায় ৭০০ মিটাৰ মথাউৰিৰ কামৰ প্ৰত্যক্ষ বুজ লয়।অঞ্চলটোত মথাউৰি নিৰ্মাণত দেখা দিয়া ভূমি অধিগ্ৰহণৰ সমস্যা সমাধানৰ বাবে ক্ষীপ্ৰতাৰে কাম কৰিবলৈ মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে। ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে চহৰখনৰ অন্নপূৰ্ণাঘাটত উপস্থিত হৈ অঞ্চলটোত চলি থকা খহনীয়া প্ৰতিৰোধী কাম পৰিদৰ্শন কৰে।

শিলচৰৰ পৰা জলসম্পদ মন্ত্ৰীগৰাকীয়ে বৰখোলা সমষ্টিৰ মানিকপুৰত উপস্থিত হৈ বৰাক নদীৰ খহনীয়াত ক্ষতিগ্ৰস্ত অঞ্চলটোৰ বুজ লয়।মানিকপুৰত মথাউৰি পুনৰ নিৰ্মাণৰ বাবে এটা প্ৰকল্প ইতিমধ্যে চলি আছে যদিও ভূমি অধিগ্ৰহণত কিছু সমস্যাই দেখা দিয়াত কামৰ অগ্ৰগতিত বাধা আহি পৰিছে।আজিৰ পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে ভূমিৰ সমস্যা সমাধানৰ বাবে তৎপৰতাৰে কাম কৰিবলৈ জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে।
লগতে আগন্তুক বাৰিষাৰ সময়ত অঞ্চলটোক বানৰ পৰা সকাহ দিব পৰাকৈ জৰুৰীভাৱে কিছু কাম কৰিবলৈ মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগক নিৰ্দেশনা প্ৰদান কৰে।পাছত জলসম্পদ মন্ত্ৰীগৰাকীয়ে জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী মহাদেৱপুৰত উপস্থিত হৈ বলেশ্বৰ নদীৰ ওপৰত থকা শ্লুইছ গেট পৰিদৰ্শন কৰে।
উল্লেখ্য যে বিগত বৰ্ষত মন্ত্ৰীগৰাকীয়ে অঞ্চলটো ভ্ৰমণ কৰোতে কেইবাটাও বিভাগৰ অধীনত নিৰ্মিত ছয় খন শ্লুইছ গেট কাৰ্যক্ষম হৈ নথকা বুলি জানিব পাৰিছিল।কাৰ্যক্ষম হৈ নথকা শ্লুইছ গেটকেইখনে জিলাখনত বান বৃদ্ধি হোৱাত সহায় কৰা বুলি জানিব পাৰি মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ অভিযন্তাক এই শ্লুইছ গেটকেইখন কাৰ্যক্ষম কৰিবলৈ নিৰ্দেশ দিছিল।

আজিৰ পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীক বিভাগীয় অভিযন্তাই জানিবলৈ দিয়ে যে অঞ্চলটোত ভাৰত-বাংলাদেশ সীমান্তত থকা ছয়খন গেটেই বিভাগে কাৰ্যক্ষম কৰি তুলিছে।আনহাতে বাৰিষাৰ সময়খিনিত এই শ্লুইছ গেটকেইখন কাৰ্যক্ষম হৈ থকাটো সুনিশ্চিত কৰিবলৈ আগন্তুক চাৰি মাহ ধৰি প্ৰত্যেক সপ্তাহতে কাৰ্যবাহী অভিযন্তাক নিজেই এবাৰ তদাৰক কৰি মন্ত্ৰীগৰাকীক সাপ্তাহিক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।
মন্ত্ৰীগৰাকীৰ আজিৰ পৰিদৰ্শন কালত উপস্থিত থাকে সাংসদ ডা° ৰাজদ্বীপ ৰায়, বিধায়ক দিপ্যায়ন চক্ৰৱৰ্তী, জিলা উপায়ুক্ত আৰু জলসম্পদ বিভাগৰ বিষয়া-অভিযন্তা সকল ।

1 Comment
  1. কাছাৰ জিলাত জলসম্পদ বিভাগৰ কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

Leave A Reply

Your email address will not be published.