দিব্য কলা মেলাত দিব্যাংগ ব্যক্তিসকলৰ সৈতে বাৰ্তালাপ মন্ত্ৰী পীযুষ হাজৰীকাৰ

0 191

ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত হৈ থকা দিব্য কলা মেলাত আজি দ্বিতীয় দিনা অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই কেন্দ্ৰীয় মন্ত্ৰী ড° বীৰেন্দ্ৰ কুমাৰক সংগ দিয়ে ।১১ মে’ৰ পৰা ১৭ মে’লৈকে অনুষ্ঠিত হৈ থকা দিব্য কলা মেলাত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ দিব্যাংগ ব্যক্তিৰ দ্বাৰা হস্তনিৰ্মিত সামগ্ৰীৰ প্ৰদৰ্শনী তথা বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে ।

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী ড° বীৰেন্দ্ৰ কুমাৰৰ সৈতে মন্ত্ৰী পীযুষ হাজৰীকাই দিব্যাংগ ব্যক্তিসকলৰ বিপনীসমূহ পৰিদৰ্শন কৰি দিব্যাংগ ব্যক্তিসকলৰ সৈতে বাৰ্তালাপ কৰে ।

কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ উদ্যোগত দিল্লী, মুম্বাই আৰু ভূপালত দিব্য কলা মেলা অনুষ্ঠিত কৰাৰ পাছত গুৱাহাটীত এই মেলা অনুষ্ঠিত হৈছে ।

media school
Leave A Reply

Your email address will not be published.