৩০ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ কেন্দ্ৰীয় শিশু,যুৱ আৰু আইমাতৃ সমাৰোহৰ আদৰণি সমিতি গঠনৰ বাবে বিশাল ৰাজহুৱা সভা

0 269

অসমীয়া ভাষা -সাহিত্য-সংস্কৃতিৰ খনিকৰ ,অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নামাঙ্কিত উত্তৰ -পূৱ ভাৰতৰ সু -বৃহৎ ধৰ্মীয়,সাহিত্য- সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ ৷এই বৃহৎ অনুষ্ঠানটিৰ ৩০ সংখ্যক কেন্দ্ৰীয় শিশু ,যুৱ আৰু আইমাতৃ সমাৰোহখনি তিনিদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে অহা নবেম্বৰ মাহৰ ৪ ,৫ আৰু ৬ তাৰিখত শ্ৰীমন্তশঙ্কৰদেৱ সঙ্ঘ গোৱালপাৰা জিলা শাখাৰ আতিথ্যত অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷
সেয়েহে এই সমাৰোহখনি সাফল্যমন্ডিত কৰিবলৈ গোৱালপাৰা জিলা শাখাৰ সমস্ত সংগী বাপ- আইৰ লগতে সকলো জাতি -ধৰ্ম – বৰ্ণৰ সহৃদয় ৰাইজ আৰু দল- সংগঠনৰ সহযোগত এখনি শক্তিশালী আদৰণি সমিতি গঠন কৰাৰ উদ্দেশ্য আগত ৰাখি চলিত মে মাহৰ ২১ তাৰিখ দেওবাৰে ধূপধৰাস্থিত শ্ৰী শ্ৰী জগতগুৰু নামঘৰ প্ৰাঙ্গণত দিনৰ ১১ বজাত এখনি ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে ৷উক্ত সভাখনৰ লগত সংগতি ৰাখি উক্ত দিনা অৰ্থাৎ ২১ মে দেওবাৰে ৰাতিপুৱা ৫:০০ বজাত ধূপধৰা আঞ্চলিক শাখাৰ দ্বাৰা পৰিৱেশ নিকাকৰণ,৬:৩০ বজাত নামাচাৰ্য উমেশ ঠাকুৰীয়াৰ প্ৰাতঃ প্ৰসঙ্গ,৮:০০ বজাত গোৱালপাৰা জিলা শাখাৰ প্ৰাক্তন সম্পাদক ভদ্ৰকান্ত দাসৰ সহযোগত সমূহীয়া নাম- প্ৰসঙ্গৰ আয়োজন কৰা হৈছে।এই প্ৰতিটো অনুষ্ঠানতে শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ হৈ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া ,গোৱালপাৰা জিলা শাখাৰ হৈ সভাপতি জয়ন্ত কুমাৰ ৰাভা ,সম্পাদক জয়ন্ত কুমাৰ কলিতা ,প্ৰস্তুতি সমিতিৰ হৈ সভাপতি শিবেন্দ্ৰ পাটগিৰি , সম্পাদক সৰ্বেশ্বৰ ৰায়ে সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ৷

media school
Leave A Reply

Your email address will not be published.