কাশ্মীৰত সৰ্বদলীয় বৈঠকৰ নামত ষড়যন্ত্ৰ কৰা হৈছে;ৰবিন্দৰ ৰাইনা

0 124

অচিৰেই কাশ্মীৰক ৰক্তাক্ত কৰাৰ পৰিকল্পনা চলিছে।সৰ্বদলীয় বৈঠকৰ নামত ষড়যন্ত্ৰ কৰা হৈছে।এই মন্তব্য কৰে জম্মু-কাশ্মীৰৰ বিজেপি প্ৰমুখ ৰবিন্দৰ ৰাইনাই।

উল্লেখ্য যে বিগত বৰ্ষত আগষ্ট মাহত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিক গ্ৰেপ্তাৰ কৰা হৈছিল।ইয়াৰ পাছত প্ৰায় ১৪মাহৰ পাছত বুধবাৰে শ্ৰীনগৰৰ পূৰ্ব মুখ্যমন্ত্ৰী তথা নেচনেল কানফাৰেনচৰ প্ৰমুখ ফাৰুক আব্দুল্লাই এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰে।য’ত আমন্ত্ৰিত কৰা হৈছে মেহবুবা মুফটিক।

ইয়াকে লৈ এতিয়া দেশৰ ৰাজনৈতিক মহলত সৰৱ চৰ্চা চলিছে।তাৰ মাজতে জম্মু-কাশ্মীৰৰ বিজেপি প্ৰমুখ ৰবিন্দৰ ৰাইনাই কয় যে “এয়া জম্মু-কাশ্মীৰক ৰক্তাক্ত কৰাৰ পৰিকল্পনা।”


আনহাতে এই বৈঠকখনৰ সম্পৰ্কে ফাৰুক আব্দুল্লাৰ পুত্ৰ ওমৰ আব্দুলাই এই কথা সদৰী কয় যে আমি তেখেতৰ শাৰীৰিক অৱস্থাৰ বুজ লবলৈ তেখেতৰ ঘৰত উপস্থিত হৈছিলো অৱশ্যে এই সৰ্বদলীয় বৈঠকখনৰ কিছু ৰাজনৈতিক বিষয়বস্তুৰ ওপৰতো আলোচনা কৰা হ’ব।

media school
Leave A Reply

Your email address will not be published.